
আফগানিস্তানত প্ৰবল ভূমিকম্পত (Afganistan Earthquake) কমেও ৯ জন লোকৰ মৃত্যু হৈছে। লগতে আহত বহুকেইজন। দেওবাৰে নিশা হোৱা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৩ বুলি প্ৰকাশ কৰিছে নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজীয়ে।

অৱশ্যে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে কয় যে এই ভূমিকম্পৰ পৰিমাণ আছিল ৬। তাৰ পৰৱৰ্তী সময়তো আফগানিস্তান কেইবাবাৰো আফটাৰশ্বকত জোকাৰি যায়। ইয়াৰে দুটাৰ মাত্ৰা আছিল কমেও ৫।
আনহাতে, পাকিস্তানৰ কেইবাটাও অঞ্চল, ভাৰতৰ জম্মু-কাশ্মীৰ আৰু দিল্লীৰ আশেপাশে থকা অঞ্চলতো কম্পন অনুভৱ কৰা হয়। আফগানিস্তানৰ জালালাবাদৰ সমীপৱৰ্তী নংগাৰহাৰ প্ৰদেশৰ ভূপৃষ্ঠৰ পৰা ৮ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ উৎস। দেওবাৰে স্থানীয় সময় অনুসৰি নিশা ১১.৪৭ বজাত সংঘটিত হয় এই ভূমিকম্প। ভাৰতত নিশা ১.৪৫ বজাত অনুভূত হয়।
নঙৰহৰ জনস্বাস্থ্য বিভাগৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমক জনোৱা মতে, এই ভূমিকম্পৰ ফলত এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হৈছে। আহত লোকৰ সংখ্যা কমেও ২৫ জন। তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মূল ভূমিকম্পৰ ২০ মিনিটৰ ভিতৰতে প্ৰথমটো আফটাৰশ্বক হয়, যাৰ প্ৰৱলতা ৰিখটাৰ স্কেলত ৪.৫।
ইয়াৰ উৎস ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ তলত আছিল। ইয়াৰ পিছত ভাৰতীয় সময় অনুসৰি পুৱতি নিশা ১.৫৯ বজাত আফগানিস্তানত ৪.৩ প্ৰাবল্যৰ ভূমিকম্প, ৩.৩০ বজাত ৫ প্ৰাবল্যৰ ভূমিকম্প আৰু সোমবাৰে পুৱা ৫.১৬ বজাত ৫ প্ৰাবল্যৰ ভূমিকম্প হয়। প্ৰতিটো ভূমিকম্পৰ উৎস ভূপৃষ্ঠৰ পৰা ১০-৪০ কিলোমিটাৰ গভীৰতাত আছিল।
আফগানিস্তানৰ নাংগাৰহাৰ প্ৰদেশৰ সীমা পাকিস্তানৰ লগত। ৰাজধানী কাবুলৰ পৰা ২০২ কিলোমিটাৰ দূৰৈত। নিশাৰ ভূমিকম্পৰ সময়ত পাকিস্তান আৰু উত্তৰ ভাৰতৰ কিছু অঞ্চলত এই কম্পন অনুভৱ কৰা হয়। দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত হোৱা ভূমিকম্পৰ বাবে বহু লোক নিশা ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহে। ছচিয়েল মিডিয়াতো বহু লোকে নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।
ইয়াৰ পূৰ্বে ২০২৩ চনৰ ৭ অক্টোবৰত আফগানিস্তানত ৬.৩ প্ৰাবল্যৰ আন এক প্ৰবল ভূমিকম্প হৈছিল। ভূমিকম্পৰ ফলত দেশখনৰ কিছু অংশ ধ্বংসস্তূপলৈ পৰিণত হৈছিল। বহু ঘৰ ভাঙি পৰে। তালিবান চৰকাৰে ঘোষণা কৰিছিল যে মৃত্যুৰ সংখ্যা চাৰি হাজাৰ অতিক্ৰম কৰিছে। কিন্তু পিছত ৰাষ্ট্ৰসংঘই কয় যে আফগানিস্তানত হোৱা ভূমিকম্পত মৃত্যুৰ সংখ্যা ১৫০০ৰ অলপ বেছি।











