ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Zubeen Garg I বোকাখাতত গণশিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ: সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ এক স্মৰণীয় অনুষ্ঠান

অজন্তা তালুকদাৰ,বোকাখাত

ASSAM TIMES POST by ASSAM TIMES POST
October 5, 2025
Reading Time: 1 min read
A A
0
Zubeen Garg I বোকাখাতত গণশিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ: সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ এক স্মৰণীয় অনুষ্ঠান

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

সমগ্ৰ ৰাজ্যজুৰি গণশিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ চলি থকাৰ মাজতে বোকাখাততো আজি অনুষ্ঠিত হয় জনতাৰ শিল্পী গৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। বোকাখাতত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ উদ্যোগত বোকাখাতৰ বিভিন্ন দল-সংগঠন, স্থানীয় ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়

বোকাখাতত গণশিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ: সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ এক স্মৰণীয় অনুষ্ঠান
বোকাখাতত গণশিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ: সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ এক স্মৰণীয় অনুষ্ঠান

আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ আঁত ধৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নীলোৎপল খাউণ্ডে। বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ মুকলি প্রেক্ষাগৃহত অনুষ্ঠিত আদ্যশ্ৰাদ্ধৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ৫২ গছি বন্তি প্ৰজ্বলন কৰে অসমৰ বিশিষ্ট জনপ্ৰিয় চলচ্চিত্ৰ কৌতুক অভিনেতা অৰুণ হাজৰিকা, বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালাৰ লগতে বোকাখাতৰ বিশিষ্ট ব্যক্তি সকলে।

d483941d a8f7 4bf2 8b7e 928f6b08d13a | ASSAM TIMES POSTইয়াৰ পাছতে জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি অনুষ্ঠিত হয় সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। ক্ৰমে খ্ৰীষ্টান, জৈন, প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰীয় বিশ্ববিদ্যালয়, ইচলাম, বৌদ্ধ ধৰ্মাৱলম্বী সকলৰ লগতে গায়ন-বায়নেৰে বৰগীত পৰিৱেশন আৰু মায়ামৰা গোমোঠা সত্ৰৰ সত্ৰাধিকাৰ গৌতম গোস্বামীৰ নেতৃত্বত নাম-প্ৰসংগ অনুষ্ঠিত হয়। অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাৰ লগতে আদ্যশ্ৰাদ্ধলৈ আহি গণশিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাচে বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ, প্ৰাক্তন বিধায়ক অৰুণ ফুকন, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি, বোকাখাতৰ ভালে সংখ্যক ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক আৰু দল-সংগঠনৰ প্ৰতিনিধিয়ে।

3a69e3dd fe36 4002 8d38 4393986d8771 | ASSAM TIMES POSTঅনুষ্ঠানত অসম যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি বিপুল বৰা, বোকাখাত জিলা সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে হেমন্ত বৰা আৰু প্ৰাঞ্জল ভৰালীৰ লগতে বিষয় ববীয়া, সদস্য সকল উপস্থিত থাকে। আনহাতে অসম সত্ৰ মহাসভাৰ বোকাখাত জিলা সমিতিয়ে বোকাখাতস্থ লখিমী ভৱনত গণশিল্পী গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি নাম-প্ৰসংগৰে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰে।

অসম সত্ৰ মহাসভাৰ বোকাখাত জিলা সমিতিৰ সম্পাদক অংকুৰ বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম সত্ৰ মহাসভাৰ বোকাখাত জিলা সমিতিৰ সভাপতি তথা কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ প্ৰনৱ চন্দ্ৰ দেৱগোস্বামীয়ে। ইয়াৰ পাছতে উপস্থিত অন্যান্য সকলে বন্তি প্ৰজ্বলন কৰাৰ লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰে। প্ৰাসংগিকভাৱে লখিমী ভৱনৰ চৌহদত ১১ জোপা নাহৰ পুলি ৰোপন কৰে ক্ৰমে গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা অসম চাহ জনজাতি সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ধনিৰাম কুৰ্মি আৰু উপস্থিত বিশিষ্ট ব্যক্তি সকলে।

ইয়াৰ পাছতে বোকাখাত জিলা সমিতিৰ উপ-সভাপতি পোনা গগৈয়ে ঘোষা পাঠ কৰাৰ লগতে মহাসভাৰ বোকাখাত জিলা সমিতিৰ মুখ্য উপদেষ্টা লক্ষীনন্দন গোস্বামীৰ নেতৃত্বত দিহা নাম, নেগেৰা নাম পৰিৱেশনেৰে গণশিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰদ্ধ সম্পন্ন কৰে। মহাসভাৰ বোকাখাত জিলা সমিতিয়ে আয়োজন কৰা জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰদ্ধতো বোকাখাতৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি, দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে একাংশ সাংবাদিক উপস্থিত থাকি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দুয়োটা ৰাজহুৱা আদ্যশ্ৰদ্ধ অনুষ্ঠানৰ উদ্যোক্তাই উপস্থিত সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Tags: বোকাখাতত গণশিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ: সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ এক স্মৰণীয় অনুষ্ঠান
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx