ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ ৰাজ্য চৰকাৰৰ চাকৰিয়ালৰ দৰে অসমৰ গাঁও সমূহত নিযুক্তি প্ৰদান কৰা চৰকাৰী গাঁওবুঢ়া সকলে নিয়মীয়া কাম-কাজেৰে প্ৰশাসন যন্ত্ৰক সহায় কৰে যদিও এইসকলৰ প্ৰতি চৰকাৰে চৰম অৱজ্ঞাসূচক মনোভাৱ পোষণ কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে৷ আন সা-সুবিধা পোৱাটো দূৰৈৰে কথা, নিযুক্তিপ্ৰাপ্ত গাঁওবুঢ়াসকলে চৰকাৰে ধাৰ্য কৰা সামান্য মাহিলী পাৰিতোষিতৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ গোলাঘাট জিলাৰ চৰকাৰী গাওঁবুঢ়াসকলে বছৰ বছৰ ধৰি পাৰিতোষিতৰ পৰা বঞ্চিত হৈ থকা কথাই ৰাজ্য চৰকাৰৰ অৱহেলাৰ দিশকেই জ্বলন্ত ৰূপত প্ৰতিপন্ন কৰিছে।
এনে অৱজ্ঞাসূচক ভূমিকাৰ সন্দৰ্ভত গোলাঘাটৰ বিশিষ্ট সমাজকৰ্মী, চৰকাৰী অধিবক্তা জয়ন্ত কুমাৰ গোস্বামী সৰৱ হৈ গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ আজি এক আবেদন প্ৰেৰণ কৰিছে। উল্লেখ্য যে গোলাঘাট মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ‘ডি’ ছেক্টৰকে ধৰি মহকুমাটোত প্ৰশাসনে ১১৯ গৰাকী চৰকাৰী গাওঁবুঢ়া নিযুক্তি প্ৰদান কৰে৷ ইয়াৰে কৰ্মৰত ১১৭ জনৰ ভিতৰত এতিয়ালৈকে দুজন গাঁওবুঢ়াইহে মাহিলী পাৰিতোষিত লাভ কৰিবলৈ সক্ষম হৈছে। সেইদৰে ধনশিৰি মহকুমাৰ ‘এ’, ‘বি’ আৰু ‘চি’ ছেক্টৰত নিযুক্তি প্ৰদান কৰা ৩২৬ গৰাকী চৰকাৰী গাওঁবুঢ়াৰ ভিতৰত ২৪৬ জন গাঁওবুঢ়াই সক্ৰিয়ভাৱে কাম কৰি আছে।
কিন্তু চৰকাৰে ধাৰ্য কৰা সামান্য মাহিলী পাৰিতোষিত লাভ কৰা নাই। গাঁওবুঢ়াসকলে বছৰ বছৰ ধৰি কাম কৰাৰ পাচত চৰকাৰী বিধি অনুসৰি গোলাঘাট জিলাৰ উপায়ুকৰ কাৰ্যালয়ে ২০১৫ চনৰ ৬ অক্টোবৰত এইসকল চৰকাৰী গাঁওবুঢ়াক নিযুক্তি পত্ৰ প্ৰদান কৰে। স্মৰ্তব্য যে চৰকাৰী গাঁওবুঢ়াসকলে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ অন্যতম অংগৰূপে বিভিন্ন ধৰণৰ প্ৰশাসনীয় কাম-কাজত সহযোগ কৰে। ইয়াৰ উপৰি পিয়ল, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, নিৰ্বাচনী কাম-কাজ, চৰকাৰী জনকল্যাণমূলক আঁচনি, স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ আদিৰ ক্ষেত্ৰত প্ৰশাসনৰ সৈতে বিশেষ ভূমিকা পালন কৰে।
এনে সক্ৰিয় ভূমিকা পালন কৰা চৰকাৰী গাঁওবুঢ়াসকলৰ প্ৰতি চৰকাৰৰ কৃপা দৃষ্টিৰ অৱকাশ হোৱা নাই। যাৰ বাবে বিশিষ্ট চৰকাৰী অধিবক্তা জয়ন্ত কুমাৰ গোস্বামীয়ে এক পত্ৰ যোগে অসমৰ মুখ্যমন্ত্ৰীক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আন্তৰিক আহ্বান জনাইছে। অধিবক্তা গোস্বামীয়ে প্ৰকাশ কৰামতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তেওঁ অচিৰেই অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি অৱগত কৰিব৷