ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চৰকাৰৰ চৰম অৱজ্ঞাঃ চৰকাৰী গাঁওবুঢ়াৰ বছৰ বছৰ ধৰি লাভ কৰা নাই সামান্য পাৰিতোষিতঃ মূখ্যমন্ত্ৰীলৈ চৰকাৰী অধিবক্তাৰ পত্ৰ

Staff Reporter by Staff Reporter
February 12, 2020
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

RELATED POSTS

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

ASSAM TIMES POST

উৎপল দাস, গোলাঘাটঃ ৰাজ্য চৰকাৰৰ চাকৰিয়ালৰ দৰে অসমৰ গাঁও সমূহত নিযুক্তি প্ৰদান কৰা চৰকাৰী গাঁওবুঢ়া সকলে নিয়মীয়া কাম-কাজেৰে প্ৰশাসন যন্ত্ৰক সহায় কৰে যদিও এইসকলৰ প্ৰতি চৰকাৰে চৰম অৱজ্ঞাসূচক মনোভাৱ পোষণ কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে৷ আন সা-সুবিধা পোৱাটো দূৰৈৰে কথা, নিযুক্তিপ্ৰাপ্ত গাঁওবুঢ়াসকলে চৰকাৰে ধাৰ্য কৰা সামান্য মাহিলী পাৰিতোষিতৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ গোলাঘাট জিলাৰ চৰকাৰী গাওঁবুঢ়াসকলে বছৰ বছৰ ধৰি পাৰিতোষিতৰ পৰা বঞ্চিত হৈ থকা কথাই ৰাজ্য চৰকাৰৰ অৱহেলাৰ দিশকেই জ্বলন্ত ৰূপত প্ৰতিপন্ন কৰিছে।

এনে অৱজ্ঞাসূচক ভূমিকাৰ সন্দৰ্ভত গোলাঘাটৰ বিশিষ্ট সমাজকৰ্মী, চৰকাৰী অধিবক্তা জয়ন্ত কুমাৰ গোস্বামী সৰৱ হৈ গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ আজি এক আবেদন প্ৰেৰণ কৰিছে।   উল্লেখ্য যে গোলাঘাট মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ‘ডি’ ছেক্টৰকে ধৰি মহকুমাটোত প্ৰশাসনে ১১৯ গৰাকী চৰকাৰী গাওঁবুঢ়া নিযুক্তি প্ৰদান কৰে৷ ইয়াৰে কৰ্মৰত ১১৭ জনৰ ভিতৰত এতিয়ালৈকে দুজন গাঁওবুঢ়াইহে মাহিলী পাৰিতোষিত লাভ কৰিবলৈ সক্ষম হৈছে। সেইদৰে ধনশিৰি মহকুমাৰ ‘এ’, ‘বি’ আৰু ‘চি’ ছেক্টৰত নিযুক্তি প্ৰদান কৰা ৩২৬ গৰাকী চৰকাৰী গাওঁবুঢ়াৰ ভিতৰত ২৪৬ জন গাঁওবুঢ়াই সক্ৰিয়ভাৱে কাম কৰি আছে।

কিন্তু চৰকাৰে ধাৰ্য কৰা সামান্য মাহিলী পাৰিতোষিত লাভ কৰা নাই। গাঁওবুঢ়াসকলে বছৰ বছৰ ধৰি কাম কৰাৰ পাচত চৰকাৰী বিধি অনুসৰি গোলাঘাট জিলাৰ উপায়ুকৰ কাৰ্যালয়ে ২০১৫ চনৰ ৬ অক্টোবৰত এইসকল চৰকাৰী গাঁওবুঢ়াক নিযুক্তি পত্ৰ প্ৰদান কৰে। স্মৰ্তব্য যে চৰকাৰী গাঁওবুঢ়াসকলে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ অন্যতম অংগৰূপে বিভিন্ন ধৰণৰ প্ৰশাসনীয় কাম-কাজত সহযোগ কৰে। ইয়াৰ উপৰি পিয়ল, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, নিৰ্বাচনী কাম-কাজ, চৰকাৰী জনকল্যাণমূলক আঁচনি, স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ আদিৰ ক্ষেত্ৰত প্ৰশাসনৰ সৈতে বিশেষ ভূমিকা পালন কৰে।

এনে সক্ৰিয় ভূমিকা পালন কৰা চৰকাৰী গাঁওবুঢ়াসকলৰ প্ৰতি চৰকাৰৰ কৃপা দৃষ্টিৰ অৱকাশ হোৱা নাই। যাৰ বাবে বিশিষ্ট চৰকাৰী অধিবক্তা জয়ন্ত কুমাৰ গোস্বামীয়ে এক পত্ৰ যোগে অসমৰ মুখ্যমন্ত্ৰীক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আন্তৰিক আহ্বান জনাইছে। অধিবক্তা গোস্বামীয়ে প্ৰকাশ কৰামতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তেওঁ অচিৰেই অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি অৱগত কৰিব৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: assamAssam Governmentgolaghat
Share10Tweet6Send

Related Posts

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
53
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

by News Desk
September 12, 2026
53
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
55
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ
Assam

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

by News Desk
September 12, 2026
52
টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ
Assam

টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ

by News Desk
September 12, 2026
52
ADVERTISEMENT
Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ
National-International

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

September 14, 2026
50
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ
National-International

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

September 14, 2026
50
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ
National-International

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

September 14, 2026
50
BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা
National-International

BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

September 14, 2026
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

September 14, 2026
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d