
অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয়দিনা গৃহীত হ’ল বহুবিবাহ প্ৰতিৰোধী বিধেয়ক, ২০২৫। এতিয়া এই বিধেয়কখনৰ আইনী স্বীকৃতিৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত বিধেয়কখন উত্থাপন কৰে। ইয়াৰ পিছত দীঘলীয়া বিতৰ্কৰ অন্তত গৃহীত হয়।

অৱশ্যে বিৰোধী বিধায়কসকলে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাৰ উপৰি ইয়াৰ সংশোধনীৰো দাবী জনায়। কিন্তু এই দাবী-বিৰোধকো নেওচি বিধেয়কখন সদনত গৃহীত কৰা হয়। আনহাতে, বিধেয়কখন সন্দৰ্ভত বিতৰ্কত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিৰোধীয়ে কৈছে যে বহুবিবাহ প্ৰতিৰোধী বিধেয়কখনক লৈ ৰাজনীতি কৰা কৈছে। যদি সেয়া হয় তেন্তে ৰাজ্যৰ নিপীড়িত, নিষ্পেষিত মহিলা সমাজৰ অধিকাৰৰ বাবে ৰাজনীতি কৰা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
লগতে কয় যে বৰ্তমান বিধানসভাত মুছলমান পুৰুষ বিধায়ক আহিছে, কিন্তু মহিলা বিধায়ক নাই। তেওঁ লগতে কয় যে নাৰী সবলীকৰণৰ ক্ষেত্ৰত বাল্যবিবাহ বন্ধ, নিযুত মইনা আঁচনি, অৰুণোদয় আঁচনিৰ পিছত বহুবিবাহ বন্ধ কৰাটো চৰকাৰৰ আন এক পদক্ষেপ৷ আনহাতে, এই ক্ষেত্ৰত কেৱল মুছলমানসকলক লক্ষ্য কৰা হোৱা নাই বুলি উল্লেখ কৰি কয় যে হিন্দু সমাজতো এনেধৰণৰ বিক্ষিপ্ত ঘটনা চলি আছে।
এই বিধেয়কখনত হিন্দু, মুছলমান, খ্ৰীষ্টান সকলোৰে কথা কোৱা হৈছে। অৱশ্যে যিহেতু বিটিআৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদত ৰাজ্য চৰকাৰে কোনো আইন জাপি দিব নোৱাৰে, সেয়ে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁলোকেও নিজৰ আইন আনিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।













