
দেওবাৰে সন্ধিয়া প্ৰায় ৬.৪৫ বজাত নামৰূপৰ বি ভি এফ চি এল ৰ এমনিয়া III ৰ পি এ চি কম্প্ৰেছত ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাথলীত প্ৰাপ্ত তথ্য মতে এম’নিয়া III ৰ এটা কম্প্ৰেছৰৰ কণ্ট্ৰল চিষ্টেমত হঠাতে অগ্নি কাণ্ড সংঘটিত হয় । জুইৰ লেলিহান শিখাই তৎক্ষণাত সমগ্র এলেকা আগুৰি লয়।

ততাতৈয়া কৈ বি ভি এফ চি এল, এ পি এল,আৰু অইল ইণ্ডিয়াৰ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ প্ৰায় আধাঘণ্টাৰ ভিতৰতে জুইৰ নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত সংঘটিত ক্ষয় ক্ষতি বৰ্তমানলৈকে জানিব পৰা নাই যদিও জুইয়ে কম্প্ৰেচৰৰ আৰু কণ্ট্ৰল চিষ্টেমৰ কিছু যন্ত্ৰাংশ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে।
অৱশ্যে অগ্নিকাণ্ডত কোনো বিষয়া কৰ্মচাৰীৰ অনিষ্ট আৰু আঘাট প্ৰাপ্ত হোৱা নাই। লক্ষণীয় যে বি ভি এফ চি এলত বৰ্তমান চলি থকা তৃতীয় গোট টোৱে চলিত বৰ্ষত উৎপাদনৰ ক্ষেত্ৰত অত্যন্ত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। বৰ্তমান নামৰূপ III ইউনিটে প্ৰতিদিনে ৯৫০ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰি বাণিজ্যিক দিশটোৰো কিছু উন্নতি কৰিছিল।
সত্তৰ দশকত স্থাপন হোৱা ব্ৰহ্মপুত্ৰ ভেলী ফৰ্তিলাইজৰ কৰ্পৰেচন লিমিটেডৰ তৃতীয়টো উৎপাদন গোটে আও পুৰনি যন্ত্ৰাংশৰে আজিও সগৌৰবে উৎপাদনক্ষম হৈ থকাই নহয় চলিত বৰ্ষত মাত্ৰ চাৰি মাহত (২০২৫ চনৰ এপ্ৰিলৰ পৰা জুলাইলৈ) ১,০২,০০৩ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰি অভিলেখ গঢ়িলে। ৯১৬ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰি বিভিএফচিএলৰ পুনৰ পূৰ্বৰ খ্যাতি ঘূৰাই আনিবলৈ সক্ষম হৈছে।
উল্লেখ্য, ষাঠিৰ দশকতে স্থাপন হোৱা নামৰূপ সাৰ কাৰখানা অৰ্থাৎ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্তিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ দুটা গোট ইতিমধ্যে বন্ধ হ’ল। অভিজ্ঞতা সম্পন্ন বিষয়া আৰু নিপুণ শ্ৰমিক কৰ্মচাৰীসকলৰ নিষ্ঠা, ঐকান্তিক প্ৰচেষ্টাত বি ভি এফ চি এল ৰ তৃতীয়টো উৎপাদন গোটে এক সুফল দেখুওৱাৰ সময়তে এনে ঘটনা সংঘটিত হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক।
উদ্যোগটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক হিচাপে থকা মোহন ৰাজ ছেট্টিৰ দক্ষ আৰু অভিজ্ঞতাপুষ্ট নেতৃত্বই উদ্যোগটোৰ সূক্ষ্ম ত্ৰুটিসমূহো গুৰুত্ব সহকাৰে লৈ সমাধান কৰি উদ্যোগটোক এটা ধনাত্মক গতি প্ৰদান কৰিছিল, আজি সংঘটিত অগ্নি কাণ্ডই উদ্যোগটোক কেনে স্থিতি প্ৰদান কৰে তাকে লৈ সকলো চিন্তিত হৈ পৰিছে।













