
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰৰ এক বিশেষ সফলতা । বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ত অধ্যয়নৰত মুখ্যমন্ত্ৰী তনয় নন্দিল বিশ্ব শৰ্মাই বাহৰেইনত সফলতা সম্পূৰ্ণ কৰিছে এক বিশেষ ট্ৰাইথলন । এই ট্ৰাইথলনৰ নাম হৈছে ‘বাহৰেইন আইৰনমেন ৭০.৩’ ।

শুকুৰবাৰে এই কৃতিত্ব অৰ্জন কৰে মুখ্যমন্ত্ৰী পুত্ৰ নন্দিলে । উল্লেখ্য যে এই ইভেণ্টটোত সাঁতোৰ, দৌৰ আৰু চাইকেল চালনা অন্তৰ্ভুক্ত আছে । এই বিষয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত ‘এগৰাকী গৌৰৱী পিতৃৰ অনুভৱেৰে’ বুলি নন্দিলনৰ সফলতাৰ বিষয়ে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

পোষ্টটোত মুখ্যমন্ত্ৰীয়ে লিখিছে, “৫ ডিচেম্বৰ, শুকুৰবাৰে পুত্ৰ নন্দিলে বাহৰেইনত আইৰনমেন ৭০.৩ সম্পূৰ্ণ কৰে৷ এক কষ্টকৰ ১.৯ কিলোমিটাৰ সাঁতোৰ, ৯০ কিলোমিটাৰ চাইকেল আৰু ২১.১ কিলোমিটাৰ দৌৰ- এই সকলোখিনি একেটা উদ্যমেৰে সফলতাৰে সমাপ্ত কৰে। মাত্ৰ ৩-৪ মাহৰ প্ৰস্তুতিৰে এইখিনি তেওঁ ৬ ঘণ্টা ৪৮ মিনিটত সম্পূৰ্ণ কৰিছিল।”
মুখ্যমন্ত্ৰীয়ে নন্দিলৰ পৰৱৰ্তী প্ৰচেষ্টা সন্দৰ্ভতো লিখিছে, “নন্দিলৰ এতিয়া পৰৱৰ্তী লক্ষ্য সম্পূৰ্ণ আইৰনমেনৰ ওপৰত, য’ত অতিক্ৰম কৰিব লাগিব ৩.৮ কিলোমিটাৰ সাঁতোৰ, ১৮০ কিলোমিটাৰ চাইকেল আৰু ৪২.২ কিলোমিটাৰ দৌৰ৷ অহা মে’ মাহত বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পূৰ্বেই এই জয় কৰাৰ আশা কৰিছে।”

সীমাৰ পৰিধি ভেদ কৰি আগুৱাই যাবলৈ ঈশ্বৰে এনেকৈয়ে সদায় শক্তি, আনন্দ আৰু সাহস প্ৰদান কৰক– তাকেই প্ৰাৰ্থনা কৰিলোঁ।













