
কংগ্ৰেছৰ ভেটিত স্খলন পশ্চিম কাৰ্বি আংলঙত। আগন্তুক ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত সমূহীয়া দল ত্যাগৰ জোৱাৰ উঠিছে এতিয়া কাৰ্বি পাহাৰত। কেতিয়াবা যদি পূব কাৰ্বি আংলঙত, আন কেতিয়াবা আকৌ পশ্চিম কাৰ্বি আংলঙত সমূহীয়া পদত্যাগ কৰি কংগ্ৰেছৰ ভেঁটিত ব্যাপক জোকাৰণিৰ সৃষ্টি কৰা পৰা পৰিলক্ষিত হৈছে।

ইতিমধ্যে জিলাখনৰ ডংকামোকামত বিভিন্ন কাৰ্বি পৰিষদীয় সমষ্টিৰ পৰা ৬৮৫ গৰাকী কংগ্ৰেছ নেতা-কৰ্মীয়ে সমূহীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰে। জিলাখনৰ চছেং পৰিষদীয় সমষ্টি কংগ্ৰেছ কমিটী, মহিলা মণ্ডল কংগ্ৰেছ কমিটী, চিন্ঠং, আমৰি, ৰংখাং পৰিষদীয় সমষ্টিৰ বিভিন্ন কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াৰ নেতৃত্বত এই সমূহীয়া পদত্যাগ কৰা হয়।
ইফালে বিগত সময়ত কংগ্ৰেছ দলৰ অপশাসন, পৰিয়াল কেন্দ্ৰিক ৰাজনীতি, পাহাৰীয়া জিলাৰ জনসাধাৰণক কংগ্ৰেছ দলে মাহী আইৰ চকুৰে চোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহন কৰে জিলাখন কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে। উল্লেখযোগ্য যে আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ সমিতিসমূহে লোৱা সিদ্ধান্ত দলৰ বাবে এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে













