ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

কাজিৰঙাত প্ৰকৃতিৰ প্ৰেৰণাৰে “জন বন চিত্ৰন” ব্যতিক্ৰমী তিনিদিনীয়া শিল্প কৰ্মশালা অনুষ্ঠিত:

অজন্তা তালুকদাৰ, বোকাখাত

Staff Reporter by Staff Reporter
December 15, 2025
Reading Time: 1 min read
A A
0
কাজিৰঙাত প্ৰকৃতিৰ প্ৰেৰণাৰে “জন বন চিত্ৰন” ব্যতিক্ৰমী তিনিদিনীয়া শিল্প কৰ্মশালা অনুষ্ঠিত:

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াই যৌথভাৱে ১২ ৰ পৰা ১৪ ডিচেম্বৰলৈ কাজিৰঙাৰ ৱাইল্ড গ্ৰাছ ৰিজ’ৰ্টত “জন বন চিত্ৰন” শীৰ্ষক এখনি তিনিদিনীয়া শিল্প কৰ্মশালা অনুষ্ঠিত কৰে।

Kaziranga
কাজিৰঙাত প্ৰকৃতিৰ প্ৰেৰণাৰে “জন বন চিত্ৰন”:

এই কৰ্মশালাত যুৱ শিল্পী, সংৰক্ষণ অনুৰাগী আৰু পৰামৰ্শদাতা সকলৰ সন্মিলিত প্ৰচেষ্টাত প্ৰকৃতি, সংস্কৃতি আৰু বনপ্ৰাণী সংৰক্ষণৰ মাজৰ সম্পৰ্কৰ সৃষ্টিমূলক উপস্থাপন কৰা হয়।

ওৰিষাৰ ভুৱনেশ্বৰ নিবাসী এগৰাকী ভাৰতীয় শিল্পী, সংৰক্ষণবিদ আৰু যোগাযোগ ডিজাইনাৰ বিশিষ্ট যুৱশিল্পী সুদৰ্শন শ্ব’-ৰ তত্বাৱধানত অনুষ্ঠিত এই কৰ্মশালাৰ লক্ষ্য আছিল প্ৰদৰ্শনৰ উপযোগী শিল্পকর্ম আৰু প্ৰকৃতি বিষয়ক লিখনিৰ সৃষ্টি কৰা।

IMG 20251215 WA0056 | ASSAM TIMES POST

উল্লেখ্য যে এই লেখা সমূহ পৰৱৰ্তী সময়ত উদ্যান প্ৰাধিকৰণৰ দ্বাৰা প্ৰকাশিত হ’ব লগা এখন গ্ৰন্থত অন্তৰ্ভুক্ত কৰা হ’ব। শ্ব’ই পৰম্পৰাগত লোকশিল্পক বন্যপ্ৰাণী বিষয়ৰ সৈতে সংযোজন কৰি নিজৰ বিশেষ “Folkindica” শৈলীৰ বিকাশ সাধন কৰিছে।

শ্ব’ নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজীৰ পৰা স্নাতক ডিগ্ৰীধাৰী আৰু পট্টচিত্ৰ, ফাড, মুগল ক্ষুদ্ৰচিত্ৰ আদি প্ৰাক-ঔপনিৱেশিক ভাৰতীয় লোকশিল্প পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ জৈৱ-বৈচিত্ৰ্য, আদিবাসী সমাজ আৰু সংৰক্ষণ কাহিনী চিত্ৰায়িত কৰি আহিছে। তেওঁৰ শিল্পকর্মই মানুহ আৰু প্ৰকৃতিৰ আন্ত:সম্পৰ্কক প্ৰাধান্য দিয়ে আৰু লোককথা, প্ৰজাতি আৰু বহনক্ষম অভ্যাসক অন্তৰ্ভুক্ত কৰি “অস্পৰ্শিত অৰণ্য”ৰ ঔপনিৱেশিক ধাৰণাক প্ৰশ্ন কৰে।

শ্ব’ই এতিয়ালৈকে সংৰক্ষিত অঞ্চল, চিড়িয়াখানা আৰু শিক্ষানুষ্ঠানৰ বাবে কাজিৰঙা আৰ্ট মেপকে ধৰি প্ৰায় ১৬ খন জৈৱ-বৈচিত্ৰ্য মানচিত্ৰৰ সৃষ্টি কৰিছে। কাজিৰঙা আৰ্ট মেপ ২০২৪ চনৰ বন্যপ্ৰাণী সপ্তাহত অসম চৰকাৰৰ পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উন্মোচন কৰিছিল।

অনুষ্ঠানত অংশগ্ৰহণ কৰা আন বিশিষ্ট শিল্পীৰ ভিতৰত আছি বিশিষ্ট প্ৰকৃতিবিদ আৰু কাজিৰঙা স্কুল অৱ আৰ্টৰ উদ্যোক্তা প্ৰশান্ত বৰদলৈ, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট চিত্ৰ-ভাস্কৰ্য শিল্পী পাপু ঘোষ, জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট পৰিৱেশকৰ্মী তথা চিত্ৰশিল্পী উত্তম শইকীয়া, বোকাখাতস্থ আয়ুষ্কৰ চিত্ৰকলা বিদ্যালয়ৰ সম্পাদক সীমান্ত মাধৱ বৰা আৰু অসমৰ উদীয়মান যুৱ শিল্পী নিৰঞ্জন নায়ক।

তিনিদিনীয়া এই কৰ্মশালাত অংশগ্ৰহণকাৰীসকলে ক্ষেত্ৰভিত্তিক আৰু ষ্টুডিঅ’ বৈঠকত অংশ লয়। কাজিৰঙাৰ ভূ-প্ৰকৃতি আৰু জৈৱ-বৈচিত্ৰ্যৰ বুজি ল’বলৈ কহৰা বনাঞ্চলত ছাফাৰী কৰাৰ লগতে ইয়াৰ অনন্য পৰিৱেশ আৰু সংস্কৃতি দৃশ্যায়নৰ অনুশীলন কাৰ্যসূচীৰ অংশ আছিল। অংশগ্ৰহণকাৰীসকলে স্থানীয় আদিবাসীৰ ধাৰণামূলক চিত্ৰ, কাজিৰঙাৰ ইতিহাস আৰু মানুহ আৰু বন্যপ্ৰাণীৰ পৰস্পৰনিৰ্ভৰতাৰ দৰে বিষয়সমূহ অন্বেষণ কৰি সেইবোৰক গঠনাত্মক শিল্পকর্মলৈ ৰূপান্তৰ কৰে।

কাৰ্যসূচীত উদ্যান ব্যৱস্থাপনাৰ উদ্যোগত উদ্বোধনী অনুষ্ঠান, সুদৰ্শন শ্ব’ৰ “Folk Indica” বিষয়ক উপস্থাপন, আৰু শিল্পী তথা সমল ব্যক্তি সকলৰ সৈতে সংৰক্ষণত শিল্পৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰা হয়। উল্লেখ্য যে গ্ৰাম্য এলেকাত অনুষ্ঠিত এক বিশেষ পখিলা-নীৰিক্ষণ (birding) পদযাত্ৰাই অংশগ্ৰহণকাৰীসকলক নতুন ধাৰণা আৰু প্ৰেৰণা যোগায়।

কৰ্মশালাত কবিতা দুৱৰা আৰু সংগীতা দত্তই ৰচনা কৰা “Miku & The Big Flood” শীৰ্ষক এখন শিশু এনিমেটেড পুথিৰো উন্মোচন কৰা হয়। এই গ্ৰন্থখন “Miku the Clever Little Rhino”ৰ এক শৃংখল। ‘মিকু’ শৃংখলৰ গ্ৰন্থসমূহৰ মুখ্য উদ্দেশ্য হৈছে যুৱ প্ৰজন্মক প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ গুৰুত্ব বুজোৱা, পৃথিৱীৰ সৌন্দৰ্য আৰু ভাৰসাম্যতা ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰোৱা, লগতে পশুজগতৰ প্ৰতি দয়া আৰু দায়িত্ববোধ গঢ়ি তোলা।

“Miku & The Big Flood” কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাতৃৰ সৈতে বাস কৰা এটি গঁড় পোৱালিৰ জীৱন, সপোন আৰু প্ৰত্যাহ্বান চিত্ৰিত হোৱা এখন শিশুগল্প পুথি। পুথিখনত বনকৰ্মী আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰ্মীসকলৰ মিকু আৰু তাৰ বন্ধুসকলৰ প্ৰতি থকা সহানুভূতিও প্ৰকাশ পাইছে।

কৰ্মশালাৰ শেষত অংশগ্ৰহণকাৰীসকলে কেইবাখনো প্ৰদৰ্শনৰ উপযোগী শিল্পকর্ম সম্পূৰ্ণ কৰে। পৰৱৰ্তী সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ দ্বাৰা প্ৰকাশিত হ’ব লগীয়া এখন বিশেষ গ্ৰন্থত এই শিল্পকৰ্ম প্ৰকাশ কৰা হ’ব।

Tags: কাজিৰঙাত প্ৰকৃতিৰ প্ৰেৰণাৰে "জন বন চিত্ৰন"ব্যতিক্ৰমী তিনিদিনীয়াশিল্প কৰ্মশালা অনুষ্ঠিত:
Share4Tweet3Send

Related Posts

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx