
ক্ষতিপূৰণ কোনো জীৱনৰ মূল্য হ’ব নোৱাৰে, কিন্তু বিপদৰ সময়ত তাত থকাটো প্ৰতিশ্ৰুতি। আজি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰাণীত মৃত্যু হোৱা লোক দুজনৰ পৰিয়ালক পাঁচ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰি ছ’চিয়েল মিডিয়াত এই মতামত প্ৰকাশ কৰে।

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ পিজিআৰ-ভিজিআৰ সংৰক্ষিত ভূমিত অখিলাঞ্জী ৰাইজে অবৈধ বেদখল মুকলি কৰাৰ দাবীত এদল সচেতন যুৱকে অনশন কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত প্ৰতিবাদকাৰীসকলে নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই আহি খেৰাণীৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত আক্ৰমণ আৰু লুণ্ঠন আৰম্ভ কৰে। আৰক্ষী অধীক্ষক আই জি পিৰ উপস্থিতিত চলি থকা হিংসাত্মক ঘটনাটোত প্ৰতিবাদকাৰীৰ অগ্নিসংযোগৰ ফলত সুৰজ দে নামৰ বিশেষভাৱে সক্ষম ব্যক্তি এজনক জ্বলাই হত্যা কৰাৰ বিপৰীতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ গুলীচালনা আৰু লাঠিডাল লৈ লিনাছ ফাংছ’ নামৰ এজন প্ৰতিবাদকাৰীক হত্যা কৰা হয়।
এই ঘটনাত আহত হয় ডিজিপি, আইজিপিও। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু আৰক্ষী, সেনা, চি আৰ পি এফৰ টহল চলি আছে। ইফালে, আৰক্ষীৰ গুলীত নিহত লিনাছ ফাংছ’ৰ পৰিয়াল আৰু অগ্নিসংযোগত মৃত্যু হোৱা সুৰজ দেৰ পৰিয়ালক আজি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পাঁচ লাখ টকাকৈ ক্ষতিপূৰণৰ চেক প্ৰদান কৰে।
ক্ষতিপূৰণ দিওঁতে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে কয় যে পিজিআৰ-ভিজিআৰ ভূমি সমস্যাক লৈ খেৰাণীত প্ৰতিবাদৰ সময়ত দুই বহুমূলীয়া প্ৰাণ হেৰুৱাইছে। এই ঘটনাত মই গভীৰভাৱে মৰ্মাহত হৈছো। লিনাছ ফাংসো আৰু সুৰজ দে আজি আমাৰ লগত নাই। তেওঁলোকৰ অকাল মৃত্যু তেওঁলোকৰ পৰিয়ালৰ বাবে গভীৰ ক্ষতি আৰু আমাৰ সমাজৰ বাবে গভীৰ দুখৰ বিষয়। শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমৰ্থন আৰু সংহতিৰ চিন স্বৰূপে ৫ লাখ টকাৰ ক্ষতিপূৰণৰ চেক।
৫ লাখকৈ টকা মৃতকৰ ওচৰৰ আত্মীয়ক গতাই দিয়া হৈছে। আজি ক্ষতিপূৰণৰ চেক প্ৰয়াত লিনাছ ফাংছ’ৰ ওচৰৰ আত্মীয় কামনা ইংটিপি আৰু মৃত সুৰাজৰ ককাক মুকুলালৰ হাতত অৰ্পণ কৰা হয়। ক্ষতিপূৰণ কেতিয়াও কোনো মানৱ জীৱনৰ মূল্য হ’ব নোৱাৰে বা প্ৰতিষ্ঠা কৰিব নোৱাৰে, কিন্তু এই কঠিন সময়ত পৰিয়ালবোৰৰ কাষত থিয় দিয়াটো মাথোঁ এটা সৰু প্ৰচেষ্টা। এই শোকৰ ঘণ্টাত সমাজৰ সকলো শ্ৰেণীকে শান্তি আৰু সংযম বজাই ৰাখিবলৈ আন্তৰিকতাৰে আহ্বান জনাইছো। আমি বুজাবুজি, মমতা আৰু দায়িত্বশীলতাৰে কাম কৰিব লাগিব। হিংসাই ঘাঁবোৰ গভীৰ কৰি তোলে আৰু সমাধানৰ পথত বিলম্ব ঘটায়।
শেষত মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে শোকসন্তপ্ত পৰিয়ালটোক আন্তৰিকতাৰে সমবেদনা জ্ঞাপন কৰি আইনৰ ওপৰত বিশ্বাস ৰাখি কাৰ্বি আংলঙৰ শান্তি, সম্প্ৰীতি আৰু উন্নয়নৰ বাবে সকলোকে একত্ৰিত হৈ পাৰস্পৰিক বুজাবুজিৰে একেলগে কাম কৰিবলৈ আহ্বান জনায়।













