
দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত কেইবাটাও ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী সত্ৰত উপস্থিত থাকে ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় উপাধ্যক্ষ বৈজন্ত জয় পাণ্ডা, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু ৰাজ্যিক সাংগাঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু। মন্ত্ৰী বিমল বড়াই সংবাদ মাধ্যমযোগে প্ৰকাশ কৰা অনুসৰি প্ৰথম দিনৰ কাৰ্যসূচীৰ দ্বিতীয় সত্ৰত গ্ৰহণ কৰা মূল ৰাজনৈতিক প্ৰস্তাৱসমূহৰ ভিতৰত আছে :

১। মিঞাৰ আগ্ৰাসন ৰোধৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গ্ৰহণ কৰা পি জি আৰ-ভি জি আৰত বাস কৰা মিঞা মুছলমানক উচ্ছেদ, বহুবিবাহ প্ৰতিৰোধ, বাল্যবিবাহ নিষিদ্ধকৰণ আদি পদক্ষেপক পূৰ্ণ সমৰ্থন জনাই প্ৰস্তাৱ।
২। অসমৰ সমাজ, ভাষা, সংস্কৃতিৰ প্ৰতি অহা ভাবুকি প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকক ভূমিপট্টা, সত্ৰ, মঠ-মন্দিৰ আদিৰ সংৰক্ষণ তথা সংবৰ্ধনৰ বাবে ‘অসম দর্শন আঁচনি’ ৰূপায়ণ আদি বিভিন্ন পদক্ষেপক আদৰণি জনাই ধন্যবাদসূচক প্ৰস্তাৱ৷
৩। পূৰ্বৰ জনজাতিৰ কোনো সমস্যা নোহোৱাকৈ নতুন নীতিৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মন্ত্রীগোটে দাখিল কৰা প্রতিবেদন অসম কেবিনেট আৰু অসম বিধানসভাই অনুমোদন জনোৱা আৰু বিষয়টো আগবঢ়াই লৈ যোৱা বাবে অসম চৰকাৰক ধন্যবাদ জনাই প্ৰস্তাৱ গ্ৰহণ।
৪। চাহ বাগিচাৰ শ্রমিক তথা আদিবাসী পৰিয়ালক ভূমি অধিকাৰ প্ৰদানৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ সিদ্ধান্তক শলাগ লৈ প্ৰস্তাৱ গ্ৰহণ৷
৫। চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচলৰ সৈতে চলি অহা অসমৰ সীমাবিবাদ নিষ্পত্তি কৰিবৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উদ্যোগত সমাধান সূত্র উদ্ভাৱন আৰু সীমান্ত অঞ্চলত শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰৰ কাৰ্যকৰী ব্যৱস্থাক পূর্ণ সমর্থন জনাই প্ৰস্তাৱ।
৬। মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে চৰকাৰক ধন্যবাদ জনাই প্ৰস্তাৱ গ্ৰহণ।
৭। অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা আয়োগৰ ৬৭টা পৰামৰ্শৰ ভিতৰত চৰকাৰে সদৌ অসম ছাত্র সন্থা, নাগৰিক সমাজ আৰু বিশেষজ্ঞসকলৰ সৈতে আলোচনাত মিলিত হৈ ভূমি সুৰক্ষা, সাংস্কৃতিক সংৰক্ষণৰ ব্যৱস্থা আৰু প্রশাসনিক সুৰক্ষাকে ধৰি ৫২টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ ভূমিকাক শলাগ লৈ প্ৰস্তাৱ গ্ৰহণ।
৮। কংগ্ৰেছৰ ভুৱা ব্যাখ্যা আগবঢ়োৱা কাৰ্যৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ।
৯। কংগ্ৰেছৰ শীৰ্ষ নেতাই অসম তথা অসমীয়া সন্দৰ্ভত বিভিন্ন সময়ত আগবঢ়াই অহা বিভ্ৰান্তিকৰ মন্তব্যৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ৷













