
মঙলবাৰে পশ্চিম কাৰ্বি আংলং (West Karbi Anglong)জিলাৰ হিংসাপীড়িত খেৰণিত উপস্থিত হয় অসমৰ বিৰোধী ঐক্যমঞ্চৰ এটা প্ৰতিনিধি দল। দলটোত আছে বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, জে আই কাথাৰ, অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে বিৰোধী এক্যমঞ্চৰ আন আন নেতাসকল৷

অসম বিধানসভাৰ এঘাৰজন বিধায়কৰ প্ৰতিনিধিয়ে খেৰণিত উপস্থিত হৈ দৈনিক বজাৰৰ ভুক্তভোগী লোকৰ সৈতে মত বিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে সকলোকে শান্তি-সম্প্ৰিতি অটুট ৰাখিবলৈ আহ্বান জনায়। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত অহা দলটোৱে খেৰণি দৈনিক বজাৰত অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা সুৰজ দে’ৰ পৰিয়ালবৰ্গকো সাক্ষাৎ কৰি তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
ইয়াৰ উপৰি খেৰণিত প্ৰতিবাদ চলি থকাৰ সময়ত আৰক্ষীৰ গুলীত নিহত লিউনুচ ফাংছ’ৰ বাসগৃহতো প্ৰতিনিধি দলটো উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শ্বহীদ লিনুছ ফাংচʼৰ চাৰিটা সন্তানৰ যিকোনো এটা সন্তানক পঢ়া-শুনাৰ দায়িত্ব লয় ।













