ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

CM Cheque Distribution : পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ষ্টাফ ৰি'পৰ্টাৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
January 14, 2026
Reading Time: 1 min read
A A
0
CM Cheque Distribution : পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

আজি ভোগালী বিহুৰ দিনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ে ৰাজ্যৰ নাৰী সমাজৰ আৰ্থিক সবলীকৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত  পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি বিধানসভা সমষ্টিৰ ১৪, ৮৮৪ গৰাকী আৰু কাৰ্বি আংলং জিলাৰ ডিফু বিধানসভা সমষ্টিৰ ২৪, ৬৬০ গৰাকী উদ্যমী মহিলালৈ ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে।

পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ইয়াকে ধৰি আঁচনিখনৰ জৰিয়তে এতিয়ালৈ ৰাজ্যৰ ৮২ টা বিধানসভা সমষ্টিৰ ১৯,৮০,২৫৯ গৰাকী মহিলাৰ মাজত উদ্যমিতা পুঁজি বিতৰণ কৰা হ’ল। এই উপলক্ষে আমৰি সমষ্টিৰ বৈঠালাংছ’ৰ চেৰডিহুন আক্লাম খেলপথাৰ আৰু ডিফু সমষ্টিৰ তাৰালাংছ’ৰ কার্বি পিপলছ হলত আয়োজিত দুখন পৃথক জনসভাক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই উপস্থিত ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

f1cbd339 be47 4c56 879e 08ab36e131de | ASSAM TIMES POSTতেওঁ কয় যে ৰাজ্যৰ মহিলা আত্মসহায়ক গোটসমূহৰ ৩২ লাখ মহিলাক সামৰি লৈ ৰাজ্য চৰকাৰে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান নামৰ এই অভিলাষী আঁচনি আৰম্ভ কৰিছে। প্ৰতিগৰাকী মহিলাকে লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাই এই আঁচনিৰ মূল লক্ষ্য বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ আঠ লাখতকৈ অধিক মহিলাই ইতিমধ্যে বছৰি এক লাখতকৈ অধিক টকা উপাৰ্জন কৰি লাখপতি বাইদেউ হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে।

93621a60 f18c 4721 9786 20ffbd8b1737 | ASSAM TIMES POSTমুখ্যমন্ত্ৰীয়ে কয় যে আমৰি বিধানসভা সমষ্টিতো ২৭২ গৰাকী মহিলাই ইতিমধ্যে লাখপতি বাইদেউৰ মৰ্যাদা লাভ কৰিছে। তেওঁ সমষ্টিটোৰ কেইবাগৰাকীও লাখপতি বাইদেউৰ উদাহৰণো দাঙি ধৰে। তেওঁ কয় যে সমষ্টিটোৰ চাৰ্চিম গাঁৱৰ লিৰচেং আত্মসহায়ক গোটৰ সদস্যা অঞ্জুলি টিছপিয়ে ফাষ্টফুড আৰু খুচুৰা উদ্যোগেৰে উদ্যমিতাৰ পথেৰে আগুৱাই মাহে প্রায় ১৫ হাজাৰ টকাকৈ আৰু বার্ষিক প্রায় ১ লাখ ৮০ হাজাৰ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে।

সেইদৰে আমগুৰি গাঁৱৰ আমগুৰি নৱজ্যোতি আত্মসহায়ক গোটৰ সদস্যা প্রণামী বৈদ্যই সংহত কৃষি আৰু পশুপালনেৰে মাহে প্রায় ১২ হাজাৰ টকাকৈ বার্ষিক ১.৪৪ লাখতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে

তেওঁ লগতে কয় যে সমষ্টিটোৰ থাস্কাই গাঁৱৰ কাকো টিছ’পী, মইনা ক্ৰামছাপী, খিৰলা ক্ৰপি, কাফুই টেৰাংপী, না ক্ৰামছাপী, কাছাং তিমুংপী আৰু কাকো পাটৰপী; তাসেং ৰংখেলন গাঁৱৰ ফুডাং ইংহিপী, ৰূপলিন ফুৰাপী, অনাতি ফুৰাপী, ৰিম্বিকা ইংহিপী আৰু মেদিনা চিনথংপী; ৰংমিলি জে কে ডি গাঁৱৰ অনিমা ইংটিপী আৰু কায়েট টেৰনপী; ফাংচো জেদ কে ডি গাঁৱৰ চেৰিছবন টেৰনপী আৰু জেলিন টেৰাংপী; কানৰংবেতাসেং গাঁৱৰ কাফিৰ বেপী আৰু কলং ৰংহাংপী; জে কে ডি বজাৰৰ গ্ল’ৰিছন বেপী; আৰু কোমাংলং গাঁৱৰ প্ৰীতি মিলিকপী আদি মহিলাই উদ্যমিতাৰ পথেৰে আগুৱাই বছৰি ২.২৮ লাখ টকাতকৈ অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷

মুখ্যমন্ত্রী ড° শর্মাই কয় যে ডিফু বিধানসভা সমষ্টিত ৬৮৫ গৰাকী মহিলাই নিজৰ পৰিশ্ৰমেৰে লাখপতি বাইদেউৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। সমষ্টিটোৰ কেইবাগৰাকীও লাখপতি বাইদেউৰ উদাহৰণো দাঙি ধৰি তেওঁ কয় যে ডিফু সমষ্টিৰ আদৰ্শ গাঁৱৰ মাজাং হাহাই আত্মসহায়ক গোটৰ সদস্যা জুলী লাহনে সূতা আৰু পৰম্পৰাগত সাজপাৰ বিক্ৰী কেন্দ্ৰৰ জৰিয়তে মাহে প্রায় ১৫ হাজাৰ টকাকৈ বার্ষিক প্রায় ১ লাখ ৮০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে

সেইদৰে হাঞ্চে গাঁৱৰ মালিন আত্মসহায়ক গোটৰ সদস্যা ৰূপজিলি টেৰনপীয়ে কাঠফুলাৰ খেতি আৰু কৃষিকৰ্মৰে উদ্যমিতাৰ বাটত খোজ দি মাহে প্রায় ২০ হাজাৰ টকাকৈ বার্ষিক ২.৪০ লাখকৈ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে সমষ্টিটোৰ ৰংকিমি ২ নং গাঁৱৰ কাচে ইংটিপী, লিনা হানছেপী, হানৰিকা টেৰাংপী আৰু কাৰেং টেৰনপী; চিকাৰী হানছে গাঁৱৰ ইন্দিৰা বেপী, অম্বিকা ৰংফাপী, ৰেণু টেৰাংপী, বিনা টকবিপী, মিলিনা হানচেপী আৰু কাৱে ৰংপিপী; ভেটাগাঁও নেপালী বস্তিৰ বগী ৰহিয়ুং, বিনু ফংলুচা আৰু সোণালি নাপেন; বালিৰাম টেৰাং গাঁৱৰ ৰুমিৰ ক্ৰপী আৰু ৰেণুকা টেৰনপী; চুনপুৰা গাঁৱৰ বিনয় মেধি; খয়াপাৰা গাঁৱৰ জুনুমাহি বড়ো; চুলামান গাঁৱৰ গামা সোণাৰি; মিছিবাইলাম গাঁৱৰ আমা দৌলাগুফু আৰু ৰঙাপাহাৰ চিডিং গাঁৱৰ কল্পনা খেৰৱাৰ আদি মহিলাই উদ্যমিতাৰ পথেৰে আগুৱাই বছৰি ২.১৭ লাখ টকাতকৈ অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

এই সফল উদ্যমীসকলৰ উদাহৰণেৰে অনুপ্রাণিত হৈ উদ্যমিতাৰ ক্ষেত্ৰখনত হাতে-কামে নামি পৰিবলৈ তেওঁ সমষ্টি দুটাৰ আন মহিলাসকলক আহ্বান জনায়।মহিলা উদ্যমিতা আঁচনিখনৰ পুঁজিৰ ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে মহিলাসকলক অৱগত কৰি মুখ্যমন্ত্রীয়ে কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ এই প্ৰথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহ’লে ১ লাখ টকাৰ এটা পুঁজি গঠন হ’ব।

এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে বা নিজাববীয়াকৈও কোনো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে, নাইবা পৰিয়ালৰ পূৰ্বতে থকা ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কামতো এই পুঁজি ব্যৱহাৰ কৰিব পাৰিব। ছমাহমানৰ পাছত চৰকাৰে এই পুঁজিৰ ব্যৱহাৰৰ মূল্যায়ণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলে প্ৰাৰম্ভিক পুঁজি হিচাপে লাভ কৰা এই ১০ হাজাৰ টকা সদ্ব্যৱহাৰ কৰিলে পৰৱৰ্তী পৰ্যায়ত ক্রমে ২৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভ কৰিব।

উদ্যমী মহিলাসকলে এই পুঁজিৰ উপৰি বেংকৰ পৰাও ঋণ গ্রহণ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয়, বিনামূলীয়া চাউল, ৰন্ধন গেছৰ ৰাজসাহায্য, বিদ্যালয় আৰু মহাবিদ্যালয়ত বিনামূলীয়া নামভর্তি, ছাত্ৰীৰ বাবে নিযুত মইনা আদি আঁচনিৰ জৰিয়তে বৰ্তমানৰ ৰাজ্য চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনযাত্রা সহজ কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে।

অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অহা ২০ ফেব্ৰুৱাৰীত একেলগে আঠ হাজাৰ টকা তেওঁলোকৰ একাউণ্টত লাভ কৰিব বুলি অৱগত কৰি এই মাহৰ পৰা ৰেচন কার্ড থকা হিতাধিকাৰীসকলে দাইল, চেনি, আৰু নিমখ এই তিনিওবিধ সামগ্রী এশ টকাতে লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে নিযুত মইনা আঁচনিৰ আর্হিত ছাত্ৰসকলৰ পঢ়া-শুনাৰ খৰচৰ বাবেও চৰকাৰে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি নামৰ এখন নতুন আঁচনি অহা ফেব্ৰুৱাৰী মাহৰ পৰা শুভাৰম্ভ কৰিব। মুখ্যমন্ত্রীয়ে কয় যে মহিলা উদ্যমিতা আঁচনি আৰু অৰুণোদয়ৰ জৰিয়তে এগৰাকী মহিলাই এই দুমাহতে ১৮ হাজাৰ টকাকৈ লাভ কৰিব।

অৰুণোদয় আঁচনিৰ অধীনত সামৰি নোলোৱা যোগ্য মহিলাসকলক অতি সোনকালে এই আঁচনিৰ সুবিধা প্রদান কৰা হ’ব বুলিও তেওঁ কয়। ৰাজ্য চৰকাৰে সমাজত মহিলাসকলৰ সন্মান বৃদ্ধিৰ বাবে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই প্রসংগত বহুবিবাহ ৰোধৰ বাবে আজি কিছুদিনৰ পূৰ্বে অসম বিধানসভাত চৰকাৰে গৃহীত কৰা আইনখনৰ কথাও উল্লেখ কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ ১২ খন ৰাজ্যই অসম চৰকাৰৰ ‘অৰুণোদয়’ৰ আর্হিত আঁচনি গ্রহণ কৰিছে।

প্রতিশ্রুতি পূৰণৰ লক্ষ্য অতিক্রমি ৰাজ্য চৰকাৰে বৰ্তমানলৈকে ১ লাখ ৫৬ হাজাৰৰো অধিক যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰাৰ উপৰি ঔদ্যোগীকৰণৰ দিশতো বিভিন্ন প্রচেষ্টা আৰু পদক্ষেপ গ্রহণ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিভিন্ন দিশেৰে অসম এতিয়া দেশৰ এখন আদৰ্শ ৰাজ্যলৈ ৰূপান্তৰ হৈছে আৰু ৰাজ্যখনে আজি এক অভূতপূর্ব আত্মবিশ্বাসেৰে আগবাঢ়িছে। তেওঁ লগতে কয় যে বর্তমান ৰাজ্যখনে পূৰ্বতে কোনেও আশা নকৰা এটা পৰিৱেশ লাভ কৰিছে আৰু আগন্তুক ১০ বছৰলৈ এনে পৰিৱেশ বৰ্তি থাকিলে অসম দেশৰ অন্যতম শ্রেষ্ঠ ৰাজ্যত পৰিণত হ’ব।

মুখ্যমন্ত্রী ড° শর্মাই কয়-‘আজি আমি সেইখন অসম নিৰ্মাণ কৰিব বিচাৰিছোঁ, যিখন অসমৰ সপোন আমাৰ পূৰ্বসূৰীসকলে দেখিছিল। আজি আমি অসমখনক এটা নতুন ৰূপলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিছোঁ।’ বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত নৱগঠিত আমৰি সমষ্টিত উন্নয়নৰ এটা নতুন পৰিৱেশ নিৰ্মাণ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় আঁচনিৰ জৰিয়তে সমষ্টিটোত সৰ্বমুঠ ২৯,৩৭২ গৰাকী হিতাধিকাৰী উপকৃত হৈছে। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ জৰিয়তে সমষ্টিটোৰ ১৪০ গৰাকী ছাত্ৰী উপকৃত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে সদৰী কৰে যে সমষ্টিটোত ৩৫,১২৫ খন ৰেচন কার্ড বিতৰণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ২,০৩,৬৮৪ গৰাকী লোক উপকৃত হৈছে।

আনহাতে, ডিফু সমষ্টিত ৰূপায়িত বিভিন্ন বিকাশমূলক পদক্ষেপৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমষ্টিটোত অৰুণোদয় আঁচনিৰ জৰিয়তে ৩০,৭৮৮ গৰাকী হিতাধিকাৰী উপকৃত হৈছে। নিযুত মইনা আঁচনিৰ জৰিয়তে ২,২৩০ গৰাকী ছাত্ৰী উপকৃত হৈছে। সমষ্টিটোত ৰেচন কাৰ্ডৰ জৰিয়তে ১,২৭,৬৫৪ গৰাকী লোক উপকৃত হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে ডিফু বিধানসভা সমষ্টিত ৰাজ্যিক স্বঅগ্রাধিকাৰ উন্নয়ন পুঁজি, প্রধানমন্ত্রী গ্রাম চড়ক যোজনা, শান্তি চুক্তি আৰু গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ দৰে বিভিন্ন আঁচনিৰ অধীনত ৯৯.০১ কিলোমিটাৰ পথ আৰু দলং নিৰ্মাণৰ বাবে ১৯ টা প্রকল্প হাতত লোৱা হৈছে, যাৰ ভিতৰত ইতিমধ্যে ৬৮.১২ কিলোমিটাৰৰ কাম সম্পূর্ণ হৈছে।

সমষ্টিটোত ৰূপায়িত উল্লেখযোগ্য প্রকল্পসমূহৰ ভিতৰত ডিফু ষ্টেডিয়ামৰ পৰা হেডপোষ্ট অফিচলৈ ৪-লেনযুক্ত ফ্লাইঅভাৰ, মহেন্দিযোৱা-মাঞ্জা পথ নির্মাণ, গান্ধী পাৰ্কৰ পৰা বিশ্ববিদ্যালয়লৈ পথৰ সম্প্ৰসাৰণ, ডিফু মেডিকেল কলেজৰ সংযোগকাৰী পথৰ উন্নীতকৰণ আৰু মাঞ্জা তথা ডিফু-দিলাই সংযোগী কেইবাটাও গুৰুত্বপূৰ্ণ গ্রাম্য পথৰ কাম চলি আছে বুলি তেওঁ উল্লেখ কৰে।  উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ আজিৰ অনুষ্ঠানত কার্বি ৰজা লংছিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ অমৰসিং তিছ’, বিধায়ক ৰূপসিং টেৰণ, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শর্মা বৰদলৈ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আনহাতে ডিফু বিধানসভা সমষ্টিৰ বাবে আয়োজিত সভাত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গার্লোচা, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ অমৰসিং তিছ’, বিধায়ক বিদ্যাসিং ইংলেং, দৰসিং ৰংহাং, প্রাক্তন সাংসদ হবেন সিং বে’, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্যকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ, জিলা আয়ুক্ত আৰণ্যক শইকীয়া প্রমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ আৰু আত্মসহায়ক গোটৰ হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।

Tags: পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
Share4Tweet3Send

Related Posts

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
ADVERTISEMENT
US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ
National-International

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

May 30, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
50
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026
50
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া
National-International

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

May 30, 2026
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx