![]()
ভাৰতবৰ্ষৰ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অহা ২৮ জানুৱাৰীত বোকাখাতৰ অন্যতম সামাজিক সাংস্কৃতিক সংগঠন ফেচেংবৰ হেৰিটেজৰ উদ্যোগত, নতুন গাঁও যুৱ সংঘ আৰু কৈলাখাত নাট্য মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত ৩৪ সংখ্যক “ফেচেংবৰ এনিশা ২০২৬” ৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে প্ৰতি বৰ্ষৰ দৰে এই বৰ্ষতো ফেচেংবৰ হেৰিটেজৰ ৭ টাকৈ বাৰ্ষিক বঁটা আৰু সন্মান প্ৰদান কৰা হ’ব। এই উপলক্ষ্যে আজি বিয়লি বোকাখাত জলসম্পদ বিভাগৰ আৱৰ্ত ভৱনত ফেচেংবৰ হেৰিটেজৰ এখনি সংবাদ মেল অনুষ্ঠিত হৈ যায়। ফেচেংবৰ হেৰিটেজৰ সভাপতি ৰাজীৱ বৰা, মুখ্য সম্পাদক ৰত্নেশ্বৰ মৰাং আৰু উপদেষ্টা তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথাছবি পৰিচালক অনুপম বৰদলৈয়ে সম্বোধন কৰা সংবাদমেলত সভাপতি ৰাজীৱ বৰাই ফেচেংবৰ হেৰিটেজৰ এই বৰ্ষৰ বঁটাসমূহৰ লগতে অহা ২৮ জানুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া ৩৪ সংখ্যক “ফেচেংবৰ এনিশা ২০২৬”ৰ আনুষ্ঠানিক ঘোষণা কৰে। ফেচেংবৰ হেৰিটেজৰ ২০২৬ ৰ বাৰ্ষিক বঁটা সমূহ হৈছে ‘খগেন্দ্ৰ নাথ বৰা সোঁৱৰণী ফেচেংবৰ হেৰিটেজ জনকণ্ঠ বঁটা-২০২৬’ (সাংবাদিকতা শিতান) বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতালৈ, ‘মোহনী চেতিয়া সোঁৱৰণী ফেচেংবৰ হেৰিটেজ প্রকৃতি বন্ধু বঁটা-২০২৬’ (প্রকৃতি সংৰক্ষণ শিতান) কাজিৰঙাৰ প্রকৃতিপ্রেমী, মনোজ গগৈলৈ, ‘কোমল চন্দ্র লইং সোঁৱৰণী ফেচেংবৰ হেৰিটেজ জনসেৱা বঁটা ২০২৬’ (সমাজসেৱা শিতান) অসম হাঁহ-কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিশিষ্ট সমাজসেৱক মনোজ শইকীয়ালৈ, ‘শুক্লেশ্বৰ ভৰালী আৰু বীণাপানী ভৰালী সোঁৱৰণী ফেচেংবৰ হেৰিটেজ জীৱনজোৰা সাংস্কৃতিক সাধনা বঁটা ২০২৬’ (সাংস্কৃতিক শিতানত) অসমৰ বিশিষ্ট সংগীত পৰিচালক বিমান বৰুৱালৈ, ‘ৰেণুপ্ৰভা মহন্ত সোঁৱৰণী ফেচেংবৰ হেৰিটেজ দীনবন্ধু বঁটা ২০২৬’ (চিকিৎসা সেৱা শিতানত) বোকাখাতৰ বিশিষ্ট চিকিৎসক ডা: পুলিন চন্দ্ৰ বৰকটকীলৈ, ‘ফেচেংবৰ হেৰিটেজ চাজিদুৰ (পাপু) ৰহমান সোঁৱৰণী সাংস্কৃতিক মহানুভৱতা সন্মান ২০২৬’ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট চিত্ৰ-ভাস্কৰ্য শিল্পী তথা অভিনেতা, নাট্যকাৰ-পৰিচালক মনো বৰালৈ, ‘ফেচেংবৰ হেৰিটেজ চাজিদুৰ (পাপু) ৰহমান সোঁৱৰণী যুৱ উদ্যমী সন্মান ২০২৬’ বোকাখাতৰ উদীয়মান ব্যৱসায়ী দেৱ প্ৰতীম বৰালৈ আগবঢ়োৱা হৈছে।

সংবাদমেলতে অহা ২৮ জানুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া অনুষ্ঠানৰ কাৰ্যসূচীৰো ঘোষণা কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত পতাকা উত্তোলন কৰিব ফেচেংবৰ হেৰিটেজৰ সভাপতি ৰাজীৱ বৰাই, পুৱা ১০-৩০ বজাত কৈলাখাত নাট্যমন্দিৰ প্ৰাঙ্গণত গণশিল্পী জুবিন গাৰ্গৰ স্মৃতিত নাহৰ বৃক্ষ ৰোপণ কৰিব বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ লগতে কৈলাখাত নাট্যমন্দিৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে। বিয়লি ৪-৩০ বজাত মঞ্চ মুকলি আৰু ফেচেংবৰ এনিশাৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব মুখ্য অতিথি তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী, স্থানীয় বিধায়ক অতুল বৰাই। সংবাদমেলত আৰু উপস্থিত থাকে ফেচেংবৰ হেৰিটেজৰ উপদেষ্টা হৰিমন বৰি। উক্ত অনুষ্ঠানলৈ সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিৰ তৰফৰ পৰা।













