ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:

অজন্তা তালুকদাৰ, বোকাখাত

Staff Reporter by Staff Reporter
February 8, 2026
Reading Time: 1 min read
A A
0
ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

খহি পৰিল অসমৰ এমেচাৰ নাট জগতৰ এটি উজ্বল নক্ষত্ৰ। শেষ হ’ল অসমৰ বৌদ্ধিক ইতিহাসৰ এক অধ্যায়। ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ ঘটিল অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।

ৰফিকুল হোছেইন
মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ:

অসমৰ নাট্য কাব্য জগতক অনাথ কৰি গুচি গ’ল ৮০ৰ দশকত নিজ সৃষ্টিৰে সুকীয়া ধাৰাৰ সৃষ্টি কৰি অসমৰ কাব্য নাট্য জগতত এক মাইলৰ খুঁটি হিচাবে পৰিগণিত বোকাখতীয়া শিপাৰ অসমৰ বিশিষ্ট কবি, নাট্যকাৰ, পৰিচালক, গল্পকাৰ, লেখক ৰফিকুল হোছেইন। উল্লেখ্য যে আকস্মিকভাৱে যোৱা ১ ফেব্ৰুৱাৰীৰ পুৱা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে হোছেইন।

মৰিগাঁৱৰ লালিলাং দ্যা থিয়েটাৰ ৰিডমৰ সৈতে বিশেষভাৱে জৰিত হোছেইনক যোৱা ১ ফেব্ৰুৱাৰীৰ পুৱা তেখেতৰ মৰিগাঁৱৰ আবাসৰ বাথৰুমত সংজ্ঞাহীন হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। জানিব পৰা মতে পুৱা বহু সময়লৈ ঘৰৰ দুৱাৰ বন্ধ দেখি মাতিও হোছেইনৰ মাত নাপাই আৰক্ষীক খবৰ দিয়ে নিকততম ব্যক্তিয়ে।

IMG 20260208 WA0088 | ASSAM TIMES POST

আৰক্ষীয়ে বলপূৰ্বক বন্ধ দুৱাৰ খুলি বাথৰুমত পৰি থকা হোছেইনক উদ্ধাৰ কৰাত তৎক্ষণাত মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰায় আৰু তাতে অনতিপলমে তেওঁক আই চি ইউ-ত ভৰ্তি কৰোৱা হয়। ষ্ট্ৰোক হৈ হোছেইন তেনেদৰে পুৱা যথেষ্ট সময় বাথৰুমতে সংজ্ঞাহীন অৱস্থাত পুৱতি নিশাৰ শীতৰ প্ৰকোপ সহি পৰি থাকিব লগীয়া হ’ল।

১ ফেব্ৰুৱাৰীৰ বিয়লিলৈ তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে আৰু তাতেই চিকিৎসাধীন অৱস্থাতে শনিবাৰে অৰ্থাৎ ৭ ফেব্ৰুৱাৰীৰ নিশা হোছেইনে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে অবিবাহিত হোছেইন মৰিগাঁৱৰ এক অতিথিশালাৰ কোঠাত অকলে আছিল।

IMG 20260208 WA0089 | ASSAM TIMES POST

হোছেইনৰ বোকাখাতৰ পৰিয়ালৰ লোক খবৰ পোৱাৰ মাত্ৰকে ৰাওনা হয় গুৱাহাটীলৈ হোছেইনৰ চিকিৎসাৰ বাবে। স্মৰ্তব্য যে স্কুলীয়া জীৱনতে কবি হিচাপে আত্মপ্ৰকাশ কৰা হোছেইনে ১৯৫৫ চনত বোকাখাতত জন্মলাভ কৰিছিল। বোকাখাতৰ প্ৰয়াত আৰক্ষী বিষয়া আনুৱাৰ হোছেইন আৰু প্ৰয়াত জাহান আৰা বেগমৰ তৃতীয় সন্তান ৰফিকুল হোছেইনৰ জন্ম স্থান নগালেণ্ডৰ টুৱেচাং।

প্ৰয়াত হোছেইনে বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা শেষ কৰি যোৰহাটৰ জে বি মহাবিদ্যালয়ত উচ্চ শিক্ষা আহৰণ কৰিছিল। হোছেইনৰ প্রকাশিত কবিতা সংকলন ক্রমে “শৰবিদ্ধ আকাশ” (১৯৮৪), “বিষাদ বসন্ত” (২০০৯)। প্ৰকাশিত পূর্ণাংগ নাট্য সংকলন ক্রমে “ধোৱাঁ”, “দৈৱকী”, “জলাশয়” (তিনিখন একত্র পূর্ণাংগ নাটক, ১৯৯৫), “জলপ্রপাত” (২০০৮)।

অদ্য পৰিমিত অপ্রকাশিত পূর্ণাংগ নাটকসমূহ, ক্রমে “উজান”, “কৌৰৱ পাণ্ডৱ”, “অৰণ্যত উর্মিলা”, “সপোনৰ বৃন্দায়ন”, “নির্বাক” আদি। চুটি নাটক সমূহ ক্রমে “পুতলাৰ কোৰাচ”, “ছন্দিত সূর্য”, “জীৱন ছন্দোময়”, “অভিমন্যুৰ মহাকাব্য” (ছপা আকাৰে প্ৰকাশিত), “ঘটোৎকচ” আদিৰ লগতে প্রায় পয়ত্রিশ বছৰীয়া নাট যাত্রাত মঞ্চ নাট পৰিচালনাৰ অভিজ্ঞতা অনেক।

নাট্য জীৱনৰ অভিজ্ঞতা ভিত্তিক গ্রন্থ থিয়েটাৰী গল্প “এটা পেটিকোটৰ কাহিনী আৰু অন্যান্য” (২০১৫) তেওঁৰ উল্লেখযোগ্য প্ৰকাশিত গ্ৰন্থ। ২০২২ চনত তেওঁ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল। অসমৰ আগশাৰীৰ কাকত আলোচনীত প্ৰকাশ পাই আহিছে হোছেইনৰ কবিতা আৰু বিভিন্ন লেখা।

বোকাখাতৰ নাট্য, কাব্য জগতৰ পৰা পোখা মেলি সমগ্ৰ অসমৰ নাট্য, কাব্যৰ সৃষ্টিশীল জগত ছানি ধৰি ৰফিকুল হোছেইন শেহতীয়াকৈ যোৱা দেৰ দশক ধৰি মৰিগাঁৱৰ লালিলাং দ্যা থিয়েটাৰ ৰিডমৰ সৈতে বিশেষভাৱে জড়িত হৈ আছিল। মহীৰূহ স্বৰূপ ব্যক্তি গৰাকীৰ আকস্মিক অসুস্থতাই উদ্বিগ্ন কৰি তুলিছিল বোকাখাতৰ লগতে সমগ্ৰ ৰাজ্যৰ সৃষ্টিশীল, নাট্য জগতৰ সৈতে জড়িত অলেখজনক।

বোকাখাতৰ প্ৰায় দুকুৰি বছৰীয়া নাট্যানুষ্ঠান ৰূপজ্যোতি সংঘৰ জন্ম লগ্নৰে পৰা সুদীৰ্ঘকাল সংগঠনটোৰ সৈতে জৰিত ৰফিকুল হোছেইন। বোকাখাতৰ কোৰাচ, লোকায়ত, ৰংগভূমি আদি উল্লেখনীয় নাট্যানুষ্ঠানৰ জন্মদাতা আছিল প্ৰয়াত হোছেইন। ৰূপজ্যোতি সংঘ, বোকাখাতৰ লগতে হোছেইনৰ প্ৰতিগৰাকী অনুৰাগী হোছেইনৰ আকস্মিক মহাপ্ৰয়াণত শোক স্তব্ধ হৈ পৰিছে বোকাখাতবাসী।

শোকস্তব্ধ হৈছে বোকাখাত নাট্য মন্দিৰ, মৰিগাঁৱৰ লালিলাং দ্যা থিয়েটাৰ ৰিডমৰ লগতে বোকাখাত তথা সমগ্ৰ ৰাজ্যৰ দল-সংগঠন, ব্যক্তি। জামুগুৰি হাট, লখিমপুৰৰ নাট্য জগতৰ সৈতে প্ৰয়াত ৰফিকুল হোছেইন বিশেষভাৱে জড়িত আছিল যদিও শেহতীয়াকৈ দেৰটা দশক তেওঁ মৰিগাঁৱৰ লালিলাং দ্যা থিয়েটাৰ ৰিডম গোষ্ঠীৰ সৈতে জড়িত হৈ মৰিগাঁৱতে গৰিষ্ঠ সময় থাকিবলৈ লৈছিল।

৭ ফেব্ৰুৱাৰীৰ নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পৰা ৰফিকুল হোছেইনৰ নশ্বৰ দেহ বোকাখাতৰ নিজ বাসগৃহলৈ লৈ অহা হয় আৰু ৮ ফেব্ৰুৱাৰীৰ পুৱা পুষ্প সজ্জিত বাহনেৰে তেওঁক বোকাখাতৰ নিজ বাসগৃহৰ পৰা বোকাখাত নাট্য মন্দিৰ প্ৰাংগণলৈ যথেষ্ট সংখ্যক লোকৰ সমদলেৰে “ৰফিকদাৰ জয়” ধ্বনিৰে শোভাযাত্ৰা কৰি বোকাখাত নাট্য মন্দিৰ প্ৰাংগণলৈ লৈ আহে।

বোকাখাত নাট্য মন্দিৰ প্ৰাংগণত বোকাখাত সমজিলা আয়ুক্ত শিৱানী জাৰ্ণগেল আৰু প্ৰশাসনীয় বিষয়াৰ উপস্থিতিতিত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে অসম সংগীত পৰিৱেশনেৰে হোছেইনলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বোকাখাতৰ অলেখ দল-সংগঠন, ব্যক্তিৰ লগতে সদৌ অসম কবি সন্মিলনে পতাকা আৰু গামোচাৰে বিশিষ্ট কবি, নাট্যকাৰ, পৰিচালক গৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

আনহাতে সদৌ অসম লেখিকা সমাৰোহ সমিতি, অসম নাট্য পৰিষদ, গোলাঘাট জিলা কবি সন্মিলন, গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটি, ৰূপজ্যোতি সংঘ, বোকাখাত নাট্য মন্দিৰ, সাৰথি বোকাখাত, নাট্যম বোকাখাত, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, ফেচেংবৰ হেৰিটেজ, বোকাখাতৰ বিভিন্ন শিক্ষানুষ্ঠান, বোকাখাত সমজিলাৰ সাংবাদিক সংগঠন সমূহ, ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, ব্যক্তি, সামাজিক-সাংস্কৃতিক দল-সংগঠনৰ লগতে জামুগুৰি হাট, বিশ্বনাথ চাৰিআলি, যোৰহাট, মৰিগাঁও, নগাঁও, তেজপুৰ, গোলাঘাটকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা শোকাকুল গুণমুগ্ধ নাট্যকৰ্মী, কবিয়ে ৰফিকুল হোছেইনৰ নশ্বৰ দেহত ফুলাম গামোচা, জনগোষ্ঠীয় গামোচা, পুষ্পাঞ্জলি অৰ্পন কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

শেষ শ্ৰদ্ধা জ্ঞাপন কাৰ্যসূচীৰ আঁত ধৰে প্ৰবীণ নাট্যকৰ্মী তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতীয় গণনাট্য সংঘৰ বোকাখাতৰ হৈ সোণেশ্বৰ নৰহে অসমৰ কাব্য নাট্য জগতলৈ হোছেইনে আগবঢ়াই যোৱা বৰঙণিৰ এক চমু আভাস দাঙি ধৰে।

বোকাখাত সমজিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শেষ শ্ৰদ্ধা জ্ঞাপন কৰা অজস্ৰ শোকাকুল গুণমুগ্ধৰ বুকু ভগা উচুপনিৰে বোকাখাত নাট্য মন্দিৰ প্ৰাংগণ পৰিণত হ’ল “ৰফিকদা”ৰ স্মৃতি সামৰি ৰখা এক মিলনভূমিলৈ। এই বাতৰি লিখাৰ সময়লৈ পৰিয়াল সূত্ৰৰ পৰা জানিব পৰা মতে ৮ ফেব্ৰুৱাৰীৰ বিয়লিলৈ সম্পূৰ্ণ ধৰ্মীয় ৰীতি মতে ৰফিকুল হোছেইনৰ শেষ কৃত্য সম্পন্ন হোৱাৰ কথা।

Tags: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষমহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰমহীৰূহ ৰফিকুল হোছেইনৰ:শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই
Share4Tweet3Send

Related Posts

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx