ASSAM TIMES POST
ডিফু, ২১ ফেব্ৰুৱাৰী: সংশোধিত নাগৰিকত্ব আইনৰ বৰোধিতাৰে ৰূজ্যজুৰি বিক্ষোভৰ জুই অব্যাহত থকাৰ মাজতে ৰাজিযৰ কেইগৰাকী ছাত্ৰনেতা সন্ধানহীন হোৱাৰ সময়তে কাৰবি আংলং জিলীৰ পুৰখোৱাৰ পৰা এগৰাকী ছাত্ৰনেতা নিৰুদ্ধেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থীৰ সাধাৰণ সম্পাদক তথা পাৰখোৱা নিবাসী পদ্মকান্ত লেখাৰুৰ পুত্ৰ চন্দ্ৰকান্ত লেখাৰু (২৪) যোৱা প্ৰায় ২০/২৫ দিন ধৰি সন্ধানহীন হৈ আছে ৷ গুৱাহাটীৰ আইটিআই অধ্যয়ণৰত যুৱকজনৰ সৈতে পৰিয়ালৰ লোকে মোবাইলযোগে বা অন্য উপায়ে কোনো ধৰণৰ যোগাযোগ ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা নাই ৷
আছু নেতাগৰাকীৰ এনে আকষ্মিক নিৰুদ্ধেশৰ ঘটনাই পৰিয়ালৰ লোকৰ লগতে জিলা আছুকো উদ্বিগ্ন কৰি তুলিছে ৷ আছুৰ পাৰখোৱা আঞ্চলিক সমিতিৰ সভাপতি খগেন শৰ্মা আৰু কাৰবি আংলং জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰাঞ্জল হাজৰিকায়ো যুৱকজন য’তেই নাথাকক শীঘ্ৰে উভতি অহাৰ বাবে আহ্বান জনাইছে ৷ যুৱকজনৰ অনুপস্থিতিত সংগঠনৰ কাম-কাজ চলাই নিয়াত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে বুলি জনাইছে ছাত্ৰনেতা দুগৰাকীয়ে ৷ যুৱকজনৰ কোনো সন্ধান পালে ৮৪৭৪২৪৪২৫৪ নম্বৰত যোগাযোগ কৰাৰ বাবে পৰিয়ালবৰ্গ তথা সতীৰ্থ সকলে আহ্বান জনাইছে