
খটখটী থানা (Khatkhati Police station)ৰ অন্তৰ্গত দুদুক’লনিৰ (Dudu colony) উচ্ছেদস্থলীৰ পৰা উদ্ধাৰ নিচাযুক্ত দ্ৰব্য (Rescue Drugs)। এটা জুপুৰিত অভিযান চলাই উদ্ধাৰ কৰা হয় এই নিষিদ্ধ ড্ৰাগছখিনি। সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই ড্ৰাগছখিনি। গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত খটখটী আৰক্ষীয়ে জাহাংগীৰ আলী (Jahangir Ali) নামৰ ব্যক্তিজনৰ বাসগৃহত তালাচী চলাই উদ্ধাৰ কৰে নিষিদ্ধ নিচাযুক্ত দ্ৰব্যখিনি। এটা চাবোনৰ বাকচৰ পৰা উদ্ধাৰ হয় প্ৰায় ১০.৫৬ গ্ৰাম হেৰইন।

উদ্ধাৰ হোৱা ড্ৰাগছখিনি পিছত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্ম আৰু সাক্ষীসকলৰ উপস্থিতিত জব্দ কৰা হয়। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত জাহাংগীৰ আলীক আটক কৰি আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে। খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত উপ-পৰিদৰ্শক অমৰজ্যোতি গগৈ, জীৱন শইকীয়া আৰু আন আৰক্ষীৰ সহযোগত এই অভিযানটো চলোৱা হয়।













