ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

বৈঠালাংছ’ত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ :

ষ্টাফ ৰিপৰ্টাৰ, ডিফু

Staff Reporter by Staff Reporter
March 29, 2026
Reading Time: 1 min read
A A
0
বৈঠালাংছ’ত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ :

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

আজি বৈঠালাংছ’ত ড° হিমন্ত বিশ্ব শৰ্মাই এক বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰি নৱ-গঠিত ৰংখাং আৰু আমৰি বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই ৷ এই বিশাল নিৰ্ববাচনী সভাত
অখিল গগৈ হত্যাকাৰীৰ হিচাপ ৰখা ‘চিত্ৰগুপ্ত আখ্যাৰে মুখ্যমন্ত্ৰীয়ে বিস্ফোৰক আক্ৰমণ কৰে ৷

Assam Election
বৈঠালাংছ’ত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ :

আন্দোলনে উন্নয়ন নকৰে বৰং ক্ষতিহে কৰে ৷ জিলাখনৰ ১১২ নং আমৰি সমষ্টিৰ বৈঠালাংছ চেৰদেহুন আক্লামত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে ৷

নিৰ্বাচনী বতাহ গৰমৰ মাজতে আজি বৈঠালাংছ’ৰ আকাশ-বতাহ কঁপাই এক বিশেষ ৰাজনৈতিক তাৎপৰ্যৰে মুখৰিত হৈ পৰিল। ১১২ নং আমৰি বিধানসভা সমষ্টিৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী ডাঃ হাবে টেৰণৰ হৈ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিৰোধী শিবিৰক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে।

IMG 20260329 WA0238 | ASSAM TIMES POST

বৈঠালাংছ’ৰ ছেৰদিহুন আক্লাম ক্ষেত্ৰত আয়োজিত এই বিশাল জন সভাত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে এপিএইছএলচি দলৰ সভাপতি জে আই কাথাৰ আৰু ৰাইজৰ দলৰ নেতা অখিল গগৈক লক্ষ্য কৰি বাক্যবাণ নিক্ষেপ কৰি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত এপিএইছএলচি দলৰ ৰাজনীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়—জে.আই কাথাৰৰ নেতৃত্বত থকা দলটোৱে কেতিয়াও সমাজৰ সৰ্বাংগীণ উন্নয়ন কৰিব নোৱাৰে।

তেওঁলোকৰ সমগ্ৰ ৰাজনীতি কেৱল আন্দোলন, ধৰ্ণা আৰু ধৰ্মঘট আৰু সাম্প্ৰদায়িক মাজতে আৱদ্ধ। আনকি মাজে মাজে দলটোৱে অৰ্ধ নগ্ন হৈ কৰা প্ৰতিবাদকো তেওঁ তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে এনে কাৰ্যই সমাজত কোনো শুভ পৰিৱৰ্তন আনিব নোৱাৰে। তেওঁ কয়ঃ কাথাৰে সাধাৰণ মানুহৰ মাজত বিভেদ সৃষ্টি কৰি কাজিয়া লগাবহে পাৰে, কিন্তু উন্নয়নৰ বাট দেখুৱাব নোৱাৰে।

‘মামাই’ অসমৰ ছাত্ৰ-ছাত্ৰীক আন্দোলনকাৰী হ’ব নিদিয়ে বৰঞ্চ তেওঁলোকক সুশিক্ষিত কৰি চিকিৎসক, অভিযন্তা, কামাণ্ডো আৰু চৰকাৰী বিভিন্ন উচ্চ বৰ্গৰ দক্ষ বিষয়া হিচাপে গঢ়ি তুলিবহে বিচাৰে। জে.আই কাথাৰৰ নিজৰ ল’ৰা-ছোৱালীয়ে গুৱাহাটী আৰু দিল্লীৰ দৰে চহৰত থাকি সুন্দৰ ভৱিষ্যত গঢ়িছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়ঃ পাহাৰৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীয়েও বাহিৰলৈ গৈ উন্নত শিক্ষা আৰু সংস্থাপন লাভ কৰক।

সভাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ড° শৰ্মাৰ লক্ষ্য হৈ পৰে অখিল গগৈক। অখিল গগৈক এক ভয়ংকৰ চৰিত্ৰৰ সৈতে তুলনা কৰি তেওঁ কয়ঃ গগৈ হ’ল ‘হত্যাকাৰীৰ হিচাপ ৰখা যমৰ দূত “চিত্ৰগুপ্ত”। যিয়ে গগৈৰ বিৰোধিতা কৰে, তেওঁকেই তেওঁ হত্যাকাৰী সজাবলৈ কুণ্ঠাবোধ নকৰে বুলি মুখ্যমন্ত্ৰীয়ে বিস্ফোৰক মন্তব্য কৰে।

অতীতৰ প্ৰনৱ বড়োৰ আত্মবলিদানৰ কৰুণ স্মৃতি ৰোমন্থন কৰি তেওঁ প্ৰশ্ন কৰে সৌসিদিনা ৰাতি কোনে প্ৰনৱ বড়োক জুই লগাই লবলৈ উচতাইছিল? অখিল গগৈৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ উত্থাপন কৰি তেওঁ কয় ঃ গগৈয়ে নিজে নগৈ এজন নিৰীহ যুৱকক মৃত্যুৰ মুখলৈ ঠেলি দিছিল আৰু এতিয়া নিজেই আনক হত্যাকাৰীৰ কাঠগড়াত থিয় কৰাইছে।

বিধানসভাত যোৱা পাঁচ বছৰে প্ৰনৱ বড়োৰ বাবে কিয় এটা শব্দও খৰচ নকৰিলে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।
মুখ্যমন্ত্ৰীৰ মতে, অখিল গগৈৰ মূল কামেই হ’ল অসমখনক অশান্ত কৰি ৰখা। তেওঁ অসমৰ যুৱ প্ৰজন্মক উন্নয়নৰ সপোন দেখুওৱাৰ পৰিৱৰ্তে টায়াৰ জ্বলোৱা আৰু ৰে’ল লাইন উৰুৱাবলৈহে শিক্ষা দিয়ে।

আনকি মহাত্মা গান্ধীৰ দৰে অহিংসাৰ পূজাৰীকো যদি তেওঁৰ বিৰুদ্ধে কিবা ক’বলৈ দিয়া হয়, তেন্তে তেওঁ গান্ধীকো হত্যাকাৰী সজাই দিব বুলি শৰ্মাই ব্যক্ত কৰে। হিংসা আৰু বিদ্বেষ বিয়পোৱাই অখিল গগৈৰ একমাত্ৰ উদ্দেশ্য বুলি উল্লেখ কৰি তেওঁ কয় নিৰ্বাচনত তেওঁৰ বিৰুদ্ধে যিয়েই অৱতীৰ্ণ হয়, তেওঁকেই গগৈয়ে হত্যাকাৰী বুলি অপবাদ দিয়ে।

আজিৰ এই গুৰুত্বপূৰ্ণ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ সংগ দিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং, সাংসদ অমৰ ছিং টিছ’, কাৰ্যবাহী সদস্য ক্ৰমে প্ৰভাত চন্দ্ৰ তাৰ’, ডি উফিং মাছলাই, ৰিনা তেৰাংপীৰ লগতে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰদ্বীপ ৰংহাং আৰু সমাজসেৱক ধনছিং তেৰাঙে। বৈঠালাংছ’ৰ এই জনসমুদ্ৰই আগন্তুক নিৰ্বাচনত বিজেপিৰ পাল্লা গধুৰ কৰি তোলাৰ লগতে সমষ্টিটোত এক নতুন ৰাজনৈতিক ধ্ৰুৱীকৰণৰ ইংগিত দিছে।

Tags: বৈঠালাংছ’ত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ :
Share4Tweet3Send

Related Posts

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
ADVERTISEMENT
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026
50
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া
National-International

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

May 30, 2026
50
Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ
National-International

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

May 29, 2026
50
India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে
National-International

India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

May 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

May 30, 2026
Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

May 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx