ASSAM TIMES POST
নিউজ ডেস্ক: ডিফু জিলা কাৰাগাৰৰ পৰা ১৪ জনকৈ অভিযুক্তক ডিফু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে ৷ডিফু আদালত চৌহদৰ পৰা ডিফু চহৰৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷
২০১৩ চনৰ ২৫ জুনত মাত্ৰ ১০ টকা অট’ভাড়ালৈ কাজিয়াৰ ফলত এদল উন্মাদলোকে ৰাজপথৰ ওপৰত অধিবক্তা পিতৃ হৰেণ শইকীয়াৰ চকুৰ সন্মূখতে মৰিয়াই মৰিয়াই হত্যা কৰিছিল যুৱক ঝংকাৰ শইকীয়াক ৷সুদীৰ্ঘ ৭ বছৰ অন্তত ন্যায় পাব ঝংকাৰৰ আত্মাই ৷