ASSAM TIMES POST,বোকাখাত: বোকাখাত মহকুমাৰ ৰজাবাৰীৰ আলোক সন্ধানী শিল্পী সমাজৰ নাট্য মন্দিৰত যোৱা২৬ আৰু ২৭ জুলাইত ৰজাবাৰী নাট্যগোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হৈ যায় নাট্য সন্ধিয়া। পোন্ধৰ দিনীয়া শিশু নাট কৰ্মশালাৰ অন্তত ২৬ জুলাইৰ নিশা নাট্য আৰু নৃত্য শিল্পী মানসী পুৰকায়স্থ সোঁৱৰণী নাট্য সন্ধ্যিয়াৰ বন্তি প্ৰজ্বালন কৰে মানসী পুৰকায়স্থৰ পৰিয়ালবৰ্গই৷

নাট্য সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি তথা বিশিষ্ট নাট্যকৰ্মী জিতু শৰ্মা ৰাজখোৱাই৷ নাট্যকাৰ অজন্ত পূজাৰীৰ ৰচনা আৰু ৰাতুল ৰাজখোৱাৰ পৰিচালনাৰে মঞ্চস্থ হয় শিশু নাটক ’বকুল ফুলৰ দৰে’৷ ২৭ জুলাইৰ নিশা বিশিষ্ট নাট্যকৰ্মী, শিক্ষক মোহন চন্দ্ৰ দাস সোঁৱৰণী নাট্য সন্ধিয়াৰ বন্তি প্ৰজ্বালন কৰে মোহন দাসৰ পৰিয়ালবৰ্গই আৰু সপ্ত শ্বহীদৰ পৰিয়ালবৰ্গই। মঞ্চ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী যোৰহাটৰ ভবেশ ঠাকুৰীয়াই। সপ্ত শ্বহীদ পৰিয়ালৰ সদস্য লক্ষ্যজিত শইকীয়া আৰু পৰিয়ালবৰ্গ উপস্থিত থাকে। নাট্য সন্ধিয়াৰ সন্ধিয়াৰ সতে সংগতি ৰাখি উলিওৱা স্মৰণিকা ’ৰূপকাৰ’ উন্মোচক কৰে কবি, নাট সমালোচক তথা নুমলীগড় জুনিয়ৰ কলেজৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষক অজন্তা তালুকদাৰে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নাট পৰিচালক প্ৰণব দেৱ শৰ্মা, শিল্পী বন্দনা দাস আৰু বিতোপন দত্ত৷ দ্বিতীয় নিশা অসম আন্দোলনৰ পটভূমিত গোলাঘাট জিলাৰ নুমলীগড়ৰ পংকা গাঁৱত ১৯৮৩ চনৰ নিশা সাতজনকৈ নিৰিহ গাঁওৰক্ষী বাহিনীৰ লোকৰ আৰক্ষীৰ গুলীত প্ৰাণ বিসৰ্জন দিয়া ঘটনাৰ আধাৰত ৰচিত নাট্যকাৰ অজন্ত পূজাৰীৰ ’সপ্ত শ্বহীদ’ মঞ্চস্থ হয়৷

প্ৰায় ত্ৰিশটাকৈ দৃশ্যৰ আৰু ৪৫ টাকৈ চৰিত্ৰৰ এক সুবিশাল প্ৰযোজনাৰ এই নাটকৰ পৰিচালক প্ৰবীণ নাট্যশিল্পী বিজয়ানন্দ হাজৰিকাৰ। সহকাৰী পৰিচালক হিচাপে আছিল হেমন্ত দাস। অভিনয়ত আছিল অজিত হাজৰিকা, ৰিপুঞ্জয় দত্ত, ধ্ৰুৱজ্যোতি সন্দিকৈ, বিকাশ বৰা, গৌতম টাইদ, পংকজ হাজৰিকা, অনুভৱ দাস বৰা, পাৰ্থ প্ৰতিম বৰা, সৌৰভ শৰ্মা, টংকেশ্বৰ শইকীয়া, প্ৰাণজিত দলে, মানসজ্যোতি নেওগ, বিতুপন লইং, অনন্ত দত্ত, পৰমানন্দ দাস, জান বৰা, জিতু শইকীয়া, যুগান্ত গগৈ, খগেন দলে,পিতাম্বৰ দাস, টিনু কোঁৱৰ, প্ৰকাশ দলে, ঋষভ বৰা, অৰ্ণৱ জ্যোতি বৰা, দণ্ডে তামুলী, ৰাজীৱ দাস, বিজয় বৰা, সুৰজ বৰা, ৰুণজুন শইকীয়া দত্ত, দিপা খাৰঘৰীয়া, মেঘালী পূজৰী, মিতালী দত্ত শইকীয়া, জ্যোতিশিখা বৰা, জ্যোতিকা শইকীয়া, পূজা তালুকদাৰ, গায়ত্ৰী দাস, কাজল দাস, লিজা লইং, ৰূপা লইং, তাতি লইং, হেমন্ত দাস, গোবিন দাস, অজিত বৰা আৰু জিন্টু বৰা। আনহাতে শিশু নাটক বকুল ফুলৰ দৰেত অভিনয় কৰিছিল অজিত হাজৰিকা, শিখা দাস চেতিয়া মেঘালী পূজাৰী, পূজা তালুকদাৰ, নয়না দাস, ৰাজদীপ দাস, ৰিতুৰাজ কাশ্যপ, ৰিতুপৰ্ণ দাস জ্ঞানেন্দ্ৰ শৰ্ম্মা তন্ময় কাশ্যপ, প্ৰণয় জ্যোতি হাজৰিকা, ৰিয়া হাজৰিকা, আইমী শৰ্ম্মা, পল্লবী দাস, দিবাংক্ষী কাশ্যপ, পাহি দাস, চুইটী দাস, পিয়াংগনা দত্ত, আৰাধনা বৰুৱা, স্নেহা কলিতা প্ৰিয়ানুজ ৰাজখোৱা, বৃষ্টি বৰুৱা, অলংকৃতা কৌশিক আদিয়ে৷

আনহাতে নৃত্য পৰিচালনা কৰিছিল মন মানস বৰাই। নাটকৰ দৃশ্য সজ্জা আৰু পোহৰত আছিল ৰাতুল ৰাজখোৱা, সংগীতত বিশ্ব চেতিয়া, ৰূপসজ্জাত নিৰজমণি বৰা, মুকুল বৰুৱা, মানসজ্যোতি দত্ত আৰু অমৰ শৰ্মা। ৰজাবাৰী নাট্যগোষ্ঠীৰ প্ৰযোজনা আৰু পৰিকল্পনাৰে দুয়ো নিশাৰ নাটকৰ দৃশ্য ব্যবস্থাপক হিচাপে আছিল সৌৰভ শৰ্মা। সামগ্ৰিক পৰিকল্পক অপূৰ্ব বৰঠাকুৰ। সুব্ৰত পুৰকায়স্থই আঁত ধৰা অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি বুবুল দাস আৰু সম্পাদকদ্বয় পংকজ হাজৰিকা আৰু পাৰ্থপ্ৰতিম বৰাই সকলোৰে প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জনায়৷













