কৰ্ণাটকঃ কৰ্ণাটক বিধানসভাত সোমবাৰে আস্থাভোটত জয়লাভ কৰে মুখ্যমন্ত্ৰী বিএছ য়েডিয়ুৰাপ্পা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে। আস্থা ভোটৰ প্ৰাকক্ষণত য়েডিয়ুৰাপ্পাই সদনত কয় যে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত প্ৰতিহিংসাপৰায়ণ ৰাজনীতিক প্ৰশ্ৰয় নিদিয়ে। আস্থাভোটত জয়লাভৰ পাছতে, প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামী নেতৃত্বাধীন কংগ্ৰেছ-জেডিএছ চৰকাৰখনে প্ৰস্তুত কৰা বিত্তীয় বিধেয়কখন সদনত গৃহীত হয়।
আস্থা ভোট সম্পৰ্কত আলোচনাত প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ নেতা সিদ্ধিৰামায়াই আওপকীয়াভাৱে য়েডিয়ুৰাপ্পালৈ সমৰ্থন আগবঢ়ায়। অৱশ্যে তেওঁ পুনৰ কয় যে য়েডিয়ুৰাপ্পাৰ অধীনৰ চৰকাৰখন ‘জনসাধাৰণৰ ৰায়ৰ ভিত্তিত প্ৰতিষ্ঠিত নহয়।’ ইপিনে সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু জেডিএছৰ নেতা এইচ ডি কুমাৰাস্বামীয়ে কয় যে তেওঁৰ নেতৃত্বাধীন চৰকাৰখনে যোৱা ১৪ মাহত সকলো ক্ষেত্ৰতে অভিলেখ ৰচনা কৰিছিল।













