ASSAM TIMES POST
নগাঁও : নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় চৌহদত থকা হৰিজন আৱাসগৃহত আজি বিয়লি সংঘটিত এক ভয়াবহ অগ্নিকান্ডৰ ঘটনাত কেইবাটাও আবাসগৃহ ভস্মীভূত হোৱাৰ লগতে কেইবালক্ষ টকাৰ সা-সম্পত্তি অগ্নিত সম্পূৰ্ণৰূপে জাহ যায়। প্ৰাপ্ত খবৰ মতে , চিকিৎসালয় খনৰ চৌহদত থকা মুকুল ৱাছফৰ নামৰ লোকজনৰ ঘৰৰ ইনভাৰটাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকান্ডৰ সুত্ৰপাত ঘটে।
আনহাতে এই অগ্নিকাণ্ডক কেন্দ্ৰ কৰি ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় চৌহদত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় ।অৱশ্যে এই অগ্নিকান্ডৰ ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।পাছত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ঘটনাস্হলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও পাঁচোটাকৈ হৰিজনৰ আৱাসগৃহ সম্পূণৰূপে ভস্মীভূত হয়।