ASSAM TIMES POST
নিউজ ডেস্ক: নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থক আৰু বিৰোধীৰ মাজত হোৱা সংঘৰ্ষৰ উত্তৰ পূৱ দিল্লীত ৩৪ জন লোক মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে৷ বৰ্তমানে উত্তেজনাই বিৰাজ কৰি আছে দেশৰ ৰাজধানী৷ এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বহু ৰাজনৈতিক নেতাই শান্তি সম্প্ৰতি বৰ্তাই ৰাখিবৰ বাবে ৰাইজক আহ্বান জনাইছে৷
ইতিমধ্যে নিৰাপত্তা বাহিনীয়ে সংঘৰ্ষ স্থানত ফ্লেগ মাৰ্চ কৰিছে৷ইপিনে, বুধবাৰে সন্ধিয়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মণিশ শিসদিয়াই সংঘৰ্ষ স্থান পৰিভ্ৰমণ কৰে৷ আনহাতে ছোনীয়া গান্ধীৰ নেতৃত্বত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিংসহ কংগ্ৰেছৰ এটা দলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি দিল্লীৰ হিংসাত্মক ঘটনা অৱসানৰ বাবে বৃহস্পতিবাৰে স্মাৰকপত্ৰ প্ৰদান কৰে৷