সাহিত্য-সংস্কৃতিৰ পৰা আৰম্ভ কৰি সকলো কাৰ্য সিদ্ধিৰ অন্তৰালত আধ্যাত্মিক শক্তি নিহিত হৈ থাকেঃ উমাকান্ত দেৱশৰ্মা শাস্ত্ৰী
জীতেন বৰকটকী, নগাঁওঃ নগাঁও চহৰৰ পূৱ আমোলাপট্টিস্থিত সাৰ্বজনীন শ্মশানঘাট শিৱ মন্দিৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ। আজি পুৱা ১০ বজাত মহাৰুদ্ৰ যজ্ঞৰ মূল ধৰ্ম ধ্বজা উত্তোলন কৰে গুৱাহাটীৰ কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট সংস্কৃত পণ্ডিত উমাকান্ত দেৱশৰ্মা শাস্ত্ৰীয়ে।
ধৰ্ম ধ্বজা উত্তোলন কৰি দিয়া ভাষণত বিশিষ্ট সংস্কৃত পণ্ডিত শৰ্মাই কয় যে ধ্বজা উত্তোলনৰ দ্বাৰা এটা জাতিৰ শক্তি, সামৰ্থ প্ৰদৰ্শন কৰা হয়। এখন দেশে আন এখন দেশক পৰাজিত কৰাৰ পাচত পৰাজিত দেশৰ পতাকা অৱনমিত কৰি বিজয়ী দেশখনে নিজ দেশৰ ধ্বজা বা পতাকা উত্তোলন কৰি নিজৰ শক্তি, সামৰ্থ প্ৰতিপন্ন কৰে।
একেদৰে ধৰ্ম ধ্বজা উত্তোলনেৰে আধ্যাত্মিক শক্তিৰ সূচনা কৰা হয়। সাহিত্য-সংস্কৃতিৰ পৰা আৰম্ভ কৰি সকলো কাৰ্য সিদ্ধিৰ অন্তৰালত আধ্যাত্মিক শক্তি নিহিত হৈ থাকে। আনহাতে যজ্ঞৰ যোগাত্মক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি বিশিষ্ট সংস্কৃত পণ্ডিতগৰাকীয়ে লগতে কয় যে যজ্ঞ হৈছে কলুষিতা নাশ কৰি সমাজত ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ ভাৱনা সৃষ্টি কৰাৰ এক প্ৰক্ৰিয়া।
https://youtu.be/zWb9QllSXME
ভাষণ প্ৰদান উমাকান্ত দেৱশৰ্মা শাস্ত্ৰী
বৰ্ণগত, জাতিগত আদি সকলো বিভেদ পৰিহাৰ কৰি এক ঐক্যবদ্ধ ভাৱেৰে সমাজত বসবাস কৰা মানৱ জাতিৰ মংগল সাধন কৰাটোৱে সনাতন ধৰ্মৰ উদ্দেশ্য। শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সীমান্ত বৰাই আঁত ধৰা অনুষ্ঠানটোত উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন মন্ত্রী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, মন্দিৰ ন্যাস সমিতিৰ উপাধ্যক্ষ ইন্দ্রমোহন বৰা, কাৰ্যাধ্যক্ষ প্ৰদীপ কুমাৰ শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
কাইলৈ যজ্ঞৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত পুৱা ৬ বজাত মংগলাচৰণ, ৬-৩০ বজাত নান্দী শ্ৰাদ্ধ, ৮ বজাত জলাৰোহন, ১০-৩০ বজাত পাদ প্ৰক্ষালন আৰু বৰণ, ১১ বজাত অগ্নি আহৰণ, ১১-৩০ বজাত যজ্ঞ আৰম্ভ আৰু আহুতি প্ৰদান, বিয়লি ৬-৩০ বজাত স্মৰণিকা উন্মোচনী সভা আৰু সন্ধিয়া ৭ বজাত আৰতি অনুষ্ঠিত হ’ব। ৩১ জুলাইত দুপৰীয়া ১২-৩০ বজাত পূৰ্ণাহুতিৰ লগতে অন্যান্য কাৰ্যসূচীৰে মহাৰুদ্ৰ যজ্ঞৰ সামৰণি পৰিব। শাওণ মাহ আৰু যজ্ঞ উপলক্ষে নগাঁও শ্মশানঘাট শিৱ মন্দিৰত ভালেসংখ্যক ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে।













