গোলাঘাটঃ গোলাঘাট জিলা ব্ৰাহ্মণ সমাজ আৰু সদৌ অসম ব্ৰাহ্মণ মহিলা সমাজে পৃথকে পৃথকে জুবিন গাৰ্গৰ মন্তব্যৰ বিৰুদ্ধে গোলাঘাট থানাত এজাহাৰ দাখিল কৰে৷ উল্লেখযোগ্য যে জুবিন গাৰ্গে যোৱা ২৬ জুলাইত জিএমচিএইচৰ এক সংগীতানুষ্ঠানত ৰাজহুৱাকৈ ব্ৰাহ্মণ সমাজক লৈ বিতৰ্কিত মন্তব্য কৰিছিল৷ ইয়াৰ বাবে ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা নকৰা পৰ্যন্ত ব্ৰাহ্মণ সমাজে তেওঁৰ মন্তব্য প্ৰতিবাদ কৰি যাব বুলি গোলাঘাট ব্ৰাহ্মণ সমাজৰ সভাপতি ডাঃ শ্ৰীবৎস গোপাল গোস্মামী আৰু সম্পাদক ৰবিন্দ্ৰনাথ পূজাৰীৰ লগতে ব্ৰাহ্মণ মহিলা সমাজৰ সম্পাদিকা সবিতা দেৱীয়ে জানিলৈ দিয়ে ৷













