আই চি চি টেষ্ট চেম্পিয়নশ্বিপ অহা এক আগষ্টৰ পৰা আৰম্ভ হ’ব৷ আনহাতে ভাৰতৰ খেল আৰম্ভ হ’ব ২২ আগষ্টৰ পৰা৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ হ’ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম খেল৷ উল্লেখযোগ্য যে এই টেষ্ট চেম্পিয়নশ্বিপত মুঠ ৯ টা দলে অংশগ্ৰহণ কৰিছে৷ টেষ্ট মেছ খেলা অংশগ্ৰহণকাৰী দল কেইটা হ’ল অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, ভাৰত, নিউজীলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা, শ্ৰী লংকা আৰু ৱেষ্ট ইণ্ডিজ৷ মুঠ ২৭ শৃংখলাত ৭১ খন টেষ্টৰ পৰা উলিওৱা হ’ব ফাইনেলৰ দল দুটা৷ আই চি চিৰ ৱেবছাইটত ভাৰতৰ অধিনায়ক বিৰাট কোহলিয়ে লিখিছে, ’টেষ্ট চেম্পিয়নশ্বিপ খেলাত মই অতি আগ্ৰহী৷’ ইয়াৰ লগতে কোহলিয়ে উল্লেখ কৰিছে, ’টেষ্ট ক্ৰিকেট অতি প্ৰত্যাহ্বানমূলক৷ সম্প্ৰতি ভাৰতীয় ক্ৰিকেট দলে খুউব ভাল খেলিছে৷ টেষ্ট চেম্পিয়নশ্বিপত ভাল কৰাত আমি আত্মবিশ্বাসী৷’ উল্লেখযোগ্য যে তিনিখন ঘৰুৱা আৰু তিনিখন বিদেশত টেষ্ট মেচৰ শৃংখলা হ’ব এই চেম্পিয়নশ্বিপত৷













