
কৌশলগত সামৰিক সহযোগিতা, জটিল খনিজ পদাৰ্থৰ যোগান, সামুদ্ৰিক সুৰক্ষা, প্ৰযুক্তি বিনিময় আৰু অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক বৃদ্ধিৰ উপৰি অষ্ট্ৰেলিয়াই ভাৰতক ইউৰেনিয়াম প্ৰদানৰ উদ্যোগ লৈছে। বৃহস্পতিবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়া (India and Australia)ই শক্তি সুৰক্ষা, পাৰমাণৱিক শক্তি, কৌশলগত সহযোগিতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ (Signing an important agreement) কৰে।
ইউৰেনিয়াম ৰপ্তানিকে ধৰি গুৰুত্বপূৰ্ণ চুক্তিসমূহ মেলবোৰ্ণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Modi) আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী (Australian PM) এণ্টনি আলবানিজৰ (Antony Albanis) মাজত হোৱা দ্বিপাক্ষিক বৈঠকত স্বাক্ষৰিত (Signed at the bilateral meeting) হয়। অষ্ট্ৰেলিয়া চৰকাৰে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতৰ পাৰমাণৱিক শক্তি উৎপাদন কাৰ্যসূচীক সহায় কৰা। আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিবৃতিত কয়, “আজি আমি পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছোঁ। ইয়াৰ দ্বাৰা অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ ইউৰেনিয়াম যোগানৰ পথ মুকলি হ’ব আৰু আমাৰ স্বচ্ছ শক্তি কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হ’ব।”

প্ৰতিৰক্ষা বিশেষজ্ঞৰ এটা অংশৰ মতে, প্ৰধানমন্ত্ৰীৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ এটা লক্ষ্য হৈছে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বেইজিঙৰ আধিপত্যৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়া। ২০০৭ চনত আমেৰিকাৰ নেতৃত্বত বেইজিঙক ‘লক্ষ্য’ হিচাপে লৈ কোৱাড (Quad, Quadrilateral Security Dialogue) গঠন কৰা হৈছিল। ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপানো এই সামৰিক মিত্ৰজোঁটৰ সদস্য। ২০২০ চনত লাডাখত চীনৰ সৈতে হোৱা সংঘাতৰ পিছত ভাৰত মহাসাগৰত অনুষ্ঠিত নৌসেনাৰ অনুশীলন ‘অপাৰেচন মালাবাৰ’ত অংশগ্ৰহণৰ বাবেও নতুন দিল্লীয়ে অষ্ট্ৰেলিয়াক আমন্ত্ৰণ জনাইছিল। বিগত মাহত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ বাবে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ বৈঠকত ‘যৌথ সামুদ্ৰিক সুৰক্ষা সহযোগিতা ৰোডমেপ’ চূড়ান্ত কৰা হৈছিল।
ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল হৈছে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক অঞ্চল। বিশ্বৰ প্ৰায় ৫০ শতাংশ বাণিজ্য ইয়াৰ গুৰুত্বপূৰ্ণ সাগৰীয় পথৰ জৰিয়তে কৰা হয়, যিবোৰে এছিয়াৰ কেইবাটাও অঞ্চলক বহিঃজগতৰ সৈতে সংযোগ কৰে। যোৱা মে’ মাহত প্ৰকাশ পোৱা ‘কোৱাড’ বিবৃতি অনুসৰি, দক্ষিণ আৰু পূব চীন সাগৰত চীনৰ সামৰিকীকৰণ আৰু ভূখণ্ডৰ দাবী বৃদ্ধিৰ বাবে উদ্বেগ বাঢ়িছে।












