-আৰতি বৰা দোৱনীয়া-
‘Travelling is a good hobby…’
বিদ্যালয় পৰ্যায়ত পঢ়ি থকাৰ কালত ৰচনা কিতাপত এই বাক্যশাৰী প্ৰায়ে পঢ়িছিলো৷ ৰচনাবোৰত লেখকে যি ঠাই ভ্ৰমণ কৰিছিল সেই ঠাইৰ বিষয়ে লিখিছিল৷ ভ্ৰমণ কাৰোবাৰ বাবে চখ, কাৰোবাৰ বাবে সপোন, কাৰোবাৰ বাবে সাধুকথা৷ মোৰ বাবে ভ্ৰমণ সাধুকথাই আছিল৷ আৰ্থিক স্বচলতা নাথাকিলে কোনো ইচ্ছাই পুৰণ নহয়৷ কিশোৰ কালত আৰ্থিক দৈন্যতা, যৌৱনত কেৰিয়াৰ গঠন, পাছৰ কালত সন্তানৰ লক্ষ্য পুৰণ ইত্যাদি নানান কাৰ্য সম্পাদন কৰিব লগীয়া হোৱাত বিদেশ ভ্ৰমণৰ কথা চিন্তাই কৰিব পৰা নিছিলো৷ কিন্তু যিটো বয়সত ফুৰা-চকা কৰাৰ হেপাঁহ নাথাকে সেইটো বয়সতহে ফুৰাৰ সৌভাগ্য আহিল৷
এইখিনিতে অলপ আতঁৰি আহি আন এটা কথা উল্লেখ কৰিব বিচাৰিছো৷ অৱশ্যে কথাখিনি মোৰ ভ্ৰমণ বিলাসৰ প্ৰসংগৰ আঁত নথকা নহয়৷ চাকৰিৰ সূত্ৰে মোৰ পুত্ৰ বিদেশত থাকে৷ মোৰ পুত্ৰই প্ৰথমে মুম্বাইত চাকৰিৰ জীৱন আৰম্ভ কৰে৷ তাৰ পাছত পুনে, জাৰ্মানী, ছুইজাৰলেণ্ড, ছেক ৰিপাব্লিক, নৰৱে আদিত চাকৰিৰ সূত্ৰে ভ্ৰমণ কৰিবলৈ সুবিধা লাভ কৰে৷ এই বছৰৰ ১৫ আগষ্টৰ পৰা ভ্ৰমণৰ সুযোগ পাইছে আইচলেণ্ড৷
‘‘…মন কৰিব লগীয়া যে জাৰ্মানীলৈ যোৱা প্ৰতিজন ব্যক্তিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত নাম ভৰ্ত্তি কৰিব লাগে৷ যাৱতীয় তথ্য দাখিল কৰি নাম ভৰ্ত্তি কৰাৰ পাছত সেই হালধীয়া বৰণৰ বেগবোৰ পায়৷ বেগবোৰ শেষ হ’লে কৰ্মচাৰীয়ে নিজেই দি থৈ যায়৷ বিচাৰিব নালাগে…’’
বিভিন্ন সময়ত মোৰ পুত্ৰই কৰা ভ্ৰমণৰ ছবি আৰু ভিডিঅ’ পঠাই থাকে৷ মই সেইবোৰ চাই অভিভূত হৈ পৰো৷ ইমান সুন্দৰ! ময়ো এবাৰ বিদেশ ভ্ৰমণ কৰাৰ চিন্তা কৰিলো৷ স্বচক্ষেৰে বিদেশ চোৱাৰ ইচ্ছা কৰিলো৷ চিন্তা মতেই কাম আৰম্ভ কৰিলো৷ এতিয়া প্ৰয়োজন হ’ল ভিছাৰ৷ ভিছাৰ বাবে আবেদন কৰা হ’ল৷ যথেষ্ট কষ্ট৷ ভিছা পোৱাৰ প্ৰক্ৰিয়াটো পাছলৈ ৰাখিলো৷

এদিনাখনৰ কথা৷ ঠাইখন জাৰ্মানীৰ আৰ্লেংগেন৷ এখন সৰু চহৰ৷ এই চহৰখন নুৰিমবাৰ্গৰ অন্তগৰ্ত৷ পথটোৰ নাম নুয়েছ ষ্টাৰ্ছ৷ মই থকা ফ্লেটটোৰ নম্বৰ ১৭৷ ১৭ সংখ্যাটোক জাৰ্মান ভাষাত জিবজিন বুলি কোৱা হয়৷ এই ফ্লেটটোৰ এটা অংশত মোৰ পুত্ৰৰ বাসস্থান৷
ইউৰোপৰ যিবোৰ ঠাই ফুৰিলো সকলোতে দুৱাৰৰ খিলিবোৰ একেই৷ এনেয়ে বন্ধ কৰি দিলেই ল’ক হৈ পৰে৷ বাহিৰৰ পৰা সোমাবলৈ হ’লে চাবিৰ প্ৰয়োজন৷ ভিতৰৰ পৰা এনেয়ে জপাই দিলেও বাহিৰৰ পৰা খুলিব নোৱাৰি৷
জাৰ্মানীৰ ভাৰাঘৰবোৰ আমাৰ দেশৰ দৰে নহয়৷ নিজৰ লাগতিয়াল বস্তুবোৰ আমাৰ দৰে বাহনেৰে কঢ়িয়াই লৈ ভাৰাঘৰত সোমাব নালাগে৷ তাত ভাৰাতীয়াৰ পৰিয়ালৰ সদস্য সংখ্যাৰ অনুপাতে ভাৰাঘৰ ল’ব লাগিব৷ যাৱতীয় সকলো সা-সামগ্ৰী ভাৰাঘৰৰ গৰাকীয়ে যোগান দিয়ে৷ কেৱল ভাৰাতীয়া ব্যক্তি বা পৰিয়াল ভাৰাঘৰত সোমালেই হ’ল৷ জাৰ্মানীত ৰন্ধন গেছৰ প্ৰচলন নাই৷ সেইখন দেশত ৰন্ধন গেছৰ পৰিৱৰ্তে ব্যৱহাৰ হয় কেৱল বিদ্যুৎ৷ পাকঘৰত সকলো সুবিধা উপলব্ধ৷ পাকঘৰৰ ছেল্ফত সকলো সামগ্ৰী কম ঠাইতে সজাই থোৱা থাকে৷ মুঠৰ ওপৰত সকলো সুবিধা৷
মই ভাৰাঘৰটোত সোমায়েই প্ৰথমে কোঠাটো লক্ষ্য কৰিলো৷ এক সুন্দৰ পৰিবেশে মোৰ মনটোলৈ আনিলে অনাবিল আনন্দ৷ পাকঘৰত হালধীয়া বৰণৰ পলিথিনৰ এটা বস্তা দেখিলো৷ তাতে ৰাখে পেলনীয়া সামগ্ৰী৷
মন কৰিব লগীয়া যে জাৰ্মানীলৈ যোৱা প্ৰতিজন ব্যক্তিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত নাম ভৰ্ত্তি কৰিব লাগে৷ যাৱতীয় তথ্য দাখিল কৰি নাম ভৰ্ত্তি কৰাৰ পাছত সেই হালধীয়া বৰণৰ বেগবোৰ পায়৷ বেগবোৰ শেষ হ’লে কৰ্মচাৰীয়ে নিজেই দি থৈ যায়৷ বিচাৰিব নালাগে৷
উল্লেখযোগ্য যে ভাৰাঘৰবোৰত বিচনা, গাৰু, দুই-তিনিটাখন বিচনা চাদৰ, টাৱেল, টিভি, ডাইনিং টেবুল, ৱাছিং মেচিন, চাহ-কফি তৈয়াৰ কৰা মেচিন, কুকাৰ, বাচন-বৰ্তন সকলো থাকে৷ গৰম আৰু ঠাণ্ডা পানীৰ সুবিধা থাকে৷ তদুপৰি কোঠাটো গৰম কৰি ৰাখিবলৈ ৰুম হিটাৰৰ ব্যৱস্থা থাকে৷
এদিনৰ কথ৷ মোৰ পুত্ৰক ক’লো, ‘আজি ভাত নাৰান্ধো৷ ৰুটী খাম৷’ তেতিয়া মোৰ পুত্ৰই ক’লে, ‘হ’ব মা৷ জাৰ্মানীত সাজু কৰি ৰখা ৰুটী (আমাৰ দৰে বেলনাত বেলি কৰা) পোৱা যায়৷ কেৱল সেকি গৰম কৰিলেই হয়৷’ যথা সময়ত ৰুটী আহিল৷ তাৰ পাছত টাৱাখল বৈদ্যুতিক ব্যৱস্থাৰ ষ্ট’ভৰ ওপৰত ৰাখিলো৷ পেকেটৰ পৰা পাঁচখন ৰুটী উলিয়াই ল’লো৷ পুত্ৰই তিনিখন আৰু মই দুখন খাম৷ টাৱাখন গৰম হোৱাত এখন ৰুটী সেকিলো৷ আনহাতে এখন ৰুটী বেছিকৈ সেকাত টাৱাৰ পৰা অলপ ধোঁৱা ওলাল৷ এনেতে এটা শব্দ শুনিবলৈ পালো৷

চাইৰেণ বজোৱাৰ দৰে৷ মই তলকিবই নোৱাৰিলো৷ ইপিনে, পুত্ৰই দাড়ি কাটি আছিল৷ সি দৌৰি আহি কোঠাৰ চিলিঙত লাগি থকা ঘূৰণীয়া বস্তু এটা খুলি দুফুট ডাঠ বিচনাৰ তুলিখনৰ তলত সুমোৱাই হেঁচা মাৰি ধৰি থাকিল৷ শব্দটো নোহোৱা হ’ল৷ কোঠাটো ধোঁৱা বৰণীয়া হৈ থাকিল৷ সি খিৰিকীখন আধা মেলি দিলে৷ সম্পূৰ্ণকৈ মেলি দিব নোৱাৰে৷ কাৰণ পথৰ ফুটপাথ ঘৰটোৰ বেৰত লাগি আছে৷ ধোঁৱা আঁতৰিল৷ সেই বস্তুটো সি বিচনাৰ তলৰ পৰা উলিয়াই আনি পুনৰ আগৰ ঠাইত লগাই দিলে৷
এনে চাইৰেণ সকলোৰে ঘৰত লগোৱা থাকে৷ কেনেবাকৈ জুই লাগিলে যাতে সকলোৱে জ্ঞাত আৰু সাৱধান হ’বৰ বাবে এনে চাইৰেণ লগোৱা থাকে৷ চিগাৰেট সেৱন কৰিলেও এনে চাইৰেণ বাজি উঠে৷ সঁচাকৈ উন্নত দেশবোৰৰ আগতীয়াকৈ কৰা সুৰক্ষা ব্যৱস্থা অনুকৰণীয়৷













