ASSAM TIMES POST
বোকাখাত : ১৯৯০ চনতে প্ৰতিষ্ঠা হোৱা বোকাখাত আঞ্চলিক সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয় বানেশ্বৰ মহন্ত স্মৃতি ভৱনৰ আজি আধাৰশিলা স্থাপন কৰে শ্ৰী শ্ৰী মাহৰা সত্ৰৰ সত্ৰাধিকাৰ গৌতম গোস্বামীয়ে ৷ বালিজান নতুন গাঁৱৰ ৰাইজে দানসূত্ৰে প্ৰদান কৰা ডেৰ কঠা ভূমিত নিৰ্মিত হব লগা স্থায়ী কাৰ্যালয়ৰ আধাৰশিলাৰ পূৰ্বে নাম- প্ৰসংগ অনুস্থিত হয় ৷ শতাধিক লোকৰ উপস্থিতিত ডবা,শংখ,আয়তীৰ উৰুলিৰ মাজত আধাৰশিলা স্থাপন কৰি গোস্বামীয়ে কয় যে,৯০ দশকতে সমাজক সংগঠিত কৰাৰ বাবে পালনাম সমিতি গঠন কৰিছিল সমাজৰ হিত সাধক কেইজনমান ব্যক্তিয়ে ৷
তাৰমাজত আঞ্চলিক পালনাম সমিতিৰ প্ৰথমজন সভাপতি বানেশ্বৰ মহন্তৰ নামত স্থায়ী ভৱন নিৰ্মাণ কৰি সমিতিখনৰ লগতে সমিতিৰ অন্তৰ্ভূক্ত খেলসমুহে বদান্যতাৰ পৰিচয় দিছে ৷ আধাৰশিলা স্থাপন অনুস্থানত আঞ্চলিক পালনাম সমিতিৰ জেষ্ঠ উপদেষ্টা পোনাৰাম বৰা,সভাপতি অজিত ৰাজখোৱা,সম্পাদক ননী নাথ উপস্থিত থাকে ৷ তাৰপাছতেই সমুহ ৰাইজে ধনশ্ৰীমুখীয়া নামঘৰৰ পৰা শোভাযাত্ৰা কৰি আঞ্চলিক পালনাম সমিতিৰ ধৰ্মধ্বজাভাগ আগন্তুক পালনাম আৰু অষ্টপ্ৰহৰ ভাগৱত হব লগা বগলীটিকা নামঘৰত প্ৰতিষ্ঠা কৰে ৷
বগলীটিকা নামঘৰৰ ভূমিদাতা মহেন্দ্ৰ কোঁচ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত ২০ মাৰ্চ ৰ পৰা ২৬ মাৰ্চলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত হব লগী বগলীটিকা নামঘৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগতে পালনাম আৰু অষ্টপ্ৰহৰ ভাগৱত পাঠৰ লাইখুটা স্থাপন কৰে গৌতম গোস্বামীয়ে ৷













