
ৰাম মন্দিৰ ট্ৰাষ্টৰ (Ram Temple Trust) প্ৰথম চিইঅ’ (CEO) হ’ব অৱসৰপ্রাপ্ত বায়ুসেনা বিষয়া জিতেন্দ্র মিশ্র। ‘শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ট্ৰাষ্ট’ৰ প্রথম মুখ্য কার্যবাহী বিষয়া নিৰ্বাচনৰ বাবে বুধবাৰে অযোধ্যাত অনুষ্ঠিত বৈঠকত অৱসৰপ্রাপ্ত এয়াৰ মাৰ্শ্বল জিতেন্দ্র মিশ্রক নিৰ্বাচন (Select Air Marshal Jitendra Mishra) কৰা হয়।
ৰাম মন্দিৰৰ প্রণামী চুৰিৰ বিতর্কৰ পিছত চিইঅ’ নিয়োগৰ বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰে। ইয়াৰ বাবে এখন কমিটিও গঠন কৰা হয়। অৱসৰপ্রাপ্ত ন্যায়াধীশ প্রমোদ কোহলিৰ নেতৃত্বত তিনি সদস্যৰ নিৰ্বাচক কমিটিত পাঁচ হাজাৰোধিক আবেদনপত্র পৰীক্ষা কৰা হয়। প্রাথমিক পৰীক্ষাৰ পিছত ১৬ জনক নিৰ্বাচিত কৰা হয়। তাৰ মাজৰ পৰা বায়ুসেনাৰ অৱসৰপ্রাপ্ত বিষয়গৰাকীক নিৰ্বাচন কৰা হয়।

ভাৰতীয় বায়ুসেনাত তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল। যুদ্ধবিমানৰ পাইলট হিচাপে ১৯৮৬ চনত তেওঁ বাহিনীটোত যোগদান কৰিছিল। যোৱা বছৰ অপাৰেচন সিন্দূৰৰ সময়ত তেওঁ বায়ুসেনাৰ পশ্চিমাঞ্চলীয় কমাণ্ডাৰৰ দায়িত্বত আছিল। ৩৮ বছৰতকৈ অধিক সময় তেওঁ সেৱা আগবঢ়োৱাৰ পিছত বিগত মে’ মাহত অৱসৰ গ্ৰহণ কৰে।
উল্লেখযোগ্য যে নতুন চিইঅ’ৰ হাতত মন্দিৰৰ প্রশাসন, পৰিসেৱা আৰু সংশ্লিষ্ট ব্যৱসায়িক কাম-কাজৰ দায়িত্ব থাকিব। এই নিয়োগ প্রক্রিয়া ৬ জুলাইত আৰম্ভ হয়। ৫,৫৮৫ খন আবেদনপত্র পর্যায়ক্ৰমে পৰীক্ষা কৰা হয়। তাৰ পৰা প্রথমে ১১১ জন আৰু তাৰ পিছত আৰু ১৬ জনক সাক্ষাৎকাৰৰ বাবে অযোধ্যালৈ আমন্ত্ৰণ জনোৱা হয়।
নিৰ্বাচক কমিটিৰ সদস্য তিনিগৰাকী হৈছে অৱসৰপ্রাপ্ত ন্যায়াধীশ কোহলি, অৱসৰপ্রাপ্ত লেফটেনেন্ট জেনেৰেল ভি কে চতুর্বেদী আৰু উদ্যোগপতি সুৰেশ হাওয়াৰ।













