ASSAM TIMES POST
নিউজ ডেস্ক
বৃহস্পতিবাৰে গুৱাহাটী বামুনীমৈদামৰ ৰাজ্যিক জনস্বাস্থ্য বিশ্লেষণা গাৰত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই খাদ্য সুৰক্ষা বিভাগৰ এখন ভেন মুকলি কৰে। ৮কোটি টকা মূল্যৰ খাদ্যৰ মান পৰীক্ষাৰ কৰিব পৰা বিশেষ ক্ষমতা আছে ভেনখনত। উল্লেখ যে ভেনখন মুকলি কৰি মন্ত্ৰী হাজৰিকাই কয় এতিয়াৰে পৰা গুৱাহাটী ভিন্ন প্ৰান্তত থকা যিকোনো বিপনীৰ খাদ্য মান নিৰ্দিষ্ট ঠাইতেই উপস্থিত হৈ কৰা হব পৰীক্ষা।
পূৰ্বতে খাদ্য সুৰক্ষা বিভাগত এখন এনে ভেন আছিল গুৱাহাটীত।এতিয়াৰ পৰা আন তাৰ সংখ্যা দুখনলৈ বৃদ্ধি পালে। বিশ্বত আতংকৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছক প্ৰসংগ উথাপন কৰি মন্ত্ৰী হাজৰিকাই কয় “N95 FACE MASKৰ উৎপাদন চৰকাৰে নকৰে যোগান হে ধৰে। প্ৰয়োজনত যোগান ধৰা হ’ব হঠাৎ ফেচ মাস্কৰ প্ৰয়োজন আহি পৰাত কৃত্ৰিম নাটনি হ’ব পাৰে, কিন্তু আমি প্ৰয়োজন হ’লেই যোগান ধৰিম”ইতিমধ্যে বিগত এটামাহ আগৰে পৰা বিমান বন্দৰত বহি:দেশৰ পৰা অহা প্ৰতিজন লোকক পৰীক্ষা কৰি থকা হৈছে বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
এই সন্দৰ্ভত প্ৰায় ৬০জন লোকক পৰীক্ষা কৰি বৰ্তমান নিৰীক্ষণত ৰখা বুলি জানিবলৈ দিয়ে। জিএমচিএইচত ৰোগৰ সৈতে মুখা-মুখী হব পৰাকৈ বিশেষ কোষ গঠন কৰা বুলি উল্লেখ কৰি হাজৰিকাই আৰু কয়- ৰাজ্যৰ পিছপৰা অঞ্চল সমূহত কৰ’ণাক লৈ আৰম্ভ কৰা হৈছে সজাগতামূলক অভিযান। গুৱাহাটীত কাঠফুলাৰ দৰে গঢ়ি উঠা বিৰয়ানি চেণ্টাৰ,ফুড ষ্ট’ল সমূহত কালিলৈ পৰা অভিযান তীব্ৰতৰ হ’ব।খাদ্য সুৰক্ষা বিভাগক তাৰ বাবে নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই ৷ ৰাইজক উদ্দেশ্য কৰে মন্ত্ৰী হাজৰিকাই কয় যে গ্ৰাহকে মাংসকে আদি কৰি খাদ্যৰ অভিযোগ দিব পৰাকৈ বিভাগে শীঘ্ৰে মুকলি কৰিব এক বিশেষ নম্বৰ।যাৰ জৰিয়তে সকলোৱে দিব পাৰিব অভিযোগ বুলি জানিবলৈ দিয়ে।













