ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
জনগণৰ স্বাস্থ্য তথা বর্তমান বিশ্বব্যাপি সন্ত্রাসৰ সৃষ্টি কৰা কাৰােনা ভাইৰাচৰ আতংকৰ প্রতি লক্ষ্য ৰাখি অহা ১২ মাৰ্চৰ পৰা ১৫ বৰ্চলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙাৰ কহঁৰাত অনুষ্ঠিত হ’বলগীয়া কাজিৰঙা উৎসৱ-২০২০ সাময়িকভাবে পিছুৱাই দিয়া হৈছে বুলি জানিবলৈ দিছে কাজিৰঙা উৎসৱ-২০২০ উদ্যাপন সমিতিয়ে।
উল্লেখযােগ্য যে, উৎসৱস্থলীত বহু সংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমনে কাৰােনা ভাইৰাচ বিয়পােৱাৰ লগতে স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ শংকা কৰি এই উৎসৱ বাতিল কৰা হৈছে বুলি উদ্যাপন সমিতিৰ সম্পাদক অতিৰিক্ত উপায়ুক্ত তথা বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে এক সংবাদ মেল যোগে জানিবলৈ দিয়ে।
তেখেতে জানিবলৈ দিয়ে যে বৰ্তমান ভাৰতত কেইবাজনো লোকৰ দেহত এই ৰোগৰ উপস্থিতি ধৰা পৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰনালয়ৰ পৰা নিৰ্দেশনা আহিছে যে সকলো ধৰণৰ জন সমাগমৰ পৰা ৰাইজক আতৰি থাকিবলৈ জনোৱা হৈছে। বোকাখাত মহকুমা প্ৰশাসনে আয়োজন কৰিছিল কাজিৰঙা উৎসৱৰ ৷
অহা ১২ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ অনুস্থিত হব লাগিছিল উৎসৱখনি প্ৰথমবাৰ কা বিৰোধী প্ৰতিবাদৰ বাবে স্থগিত ৰখা হৈছিল এই উৎসৱ আৰু দ্বিতীয়বাৰৰ বাবে স্থগিত হল কাজিৰঙা উৎসৱ কাৰোণা আতংকৰ বাবে ৷ বোকাখাতৰ মহকুমাধিপতী বিবেক শ্যামে লগতে জনালে যে প্ৰতিৰোধৰ সমান্তৰালভাৱে কাজিৰঙাৰ প্ৰতিখন হোটেলতে নজৰ ৰাখিছে চিকিৎসকৰ দুটা দলে আৰু হোটেলৰ গৰাকী আৰু প্ৰতিগৰাকী কৰ্মচাৰীক এই সংক্ৰান্তত সজাগ কৰি। দিয়া হৈছে।
দুজন বিশেষজ্ঞ চিকিৎসকে বোকাখাতত বাহৰপাতি সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ৷ কহঁৰা আদৰ্শ চিকিৎসালয়ত দুটা আইচলেশ্যন ৰুমো সাজু কৰিছে প্ৰশাসনে ৷ গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ শিক্ষা বিষয়াৰ জড়িয়তে বোকাখাতৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাৰ্থীক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে চাবোন ব্যবহাৰ কৰি হাত ধোৱা আৰু মাস্ক পৰিধানৰো আহ্বান জনাইছে প্ৰশাসনে৷ সজাগতা আৰু প্ৰতিৰোধৰ বাবে মহকুমাটোত সকলো বিভাগৰ জড়িয়তে তৎপৰ হৈ উঠিছে মহকুমা প্ৰশাসন।













