ASSAM TIMES POST
নিউজ ডেস্ক
বিগত ১৭বছৰৰ পিছত অনুষ্ঠিত হব লগা বহু প্ৰত্যাশিত গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন।মুঠ দহটা পদৰ বাবে অনুষ্ঠিত হব লগা নিৰ্বাচনক লৈ প্ৰতি গৰাকী ভোটাৰ লগতে প্ৰতিগৰাকী প্ৰাৰ্থীৰ মাজত এতিয়া দেখা গৈছে ব্যাপক উচ্চাহ।তাৰ মাজতে নিৰ্বাচনক বাধা দিবলৈ চেষ্টা প্ৰেছ ক্লাৱতো অপসাৰিত সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়া।
বিগত ১৭টা বছৰে নীতি বৰ্হিভূত ভাৱে সাধাৰণ সম্পাদক হিচাপে থকা ঠাকুৰীয়াই অহা ১২মার্চত অনুষ্ঠিত হব লগা নিৰ্বাচন বন্ধ কৰিবলৈ কাষ চাপিছে আদালতৰ।ঠাকুৰীয়াই নিৰ্বাচন কমিটি বিৰুদ্ধে গোচৰ তৰা লগতে আহ্বায়ক কমিটি আৰু প্ৰিজাইডিং অফিচাৰৰ বিৰুদ্ধে কাষ চাপিছে আদালতৰ।ঠাকুৰীয়াই দাবীৰ নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা প্ৰেছ ক্লাৱৰ ভোটাৰ তালিকা অবৈধ।
উল্লেখ যে প্ৰয়োজনীয় প্ৰমাণ পত্ৰ দিব নোৱাৰা বাবে ভোটাৰ তালিকাত নাম অহা নাই প্ৰাক্তন সম্পাদক ঠাকুৰীয়া।ইতিমধ্যে ভোটাৰ তালিকাত ঠাকুৰীয়া নাম নহাক লৈ নিৰ্বাচনী সমিতিয়ে স্পষ্ট কৰিছে সকলো কথা। উল্লেখ যে বিগত ১৭বছৰ হিচাপে দাখিল নকৰা গুৰুত্ব অভিযোগ আছে ঠাকুৰীয়া বিৰুদ্ধে তাৰ বাবে বিশেষ সভাই সকলো বিগত বর্ষ সমূহৰ বিত্ত হিচাপ গ্ৰহণ কৰা বাবে গঠন কৰি দিয়া হৈছে তিনিজনীয় কমিটি।
এক মাহৰ ভিতৰত তিনিজনীয় কমিটিয়ে দিব সমগ্ৰ প্ৰতিবেদন। আনহাতে যোৱা ১মার্চত নৱ ঠাকুৰীয়াই হিচাপ দাখিল কৰিব নোৱাৰি কিছু কাগজ পত্ৰ জুই জ্বলাই দিয়া এক গুৰুত্বৰ অভিযোগ উথাপন হৈছিল।অভিযোগৰ পিছতে গুৱাহাটীৰ প্ৰেছ ক্লাৱত সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতি।লতাশিল আৰক্ষী উপস্থিত হৈ পিছত সকলো নিয়ন্ত্ৰণ কৰিছিল।













