
কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ। ডিফু ক্লাবত আয়োজিত সভাত নিচামুক্ত ভাৰত গঢ় দিয়াৰ বাবে ৰাজ্যপালগৰাকীৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলে সংকল্পৱদ্ধ হয়। সভাৰ অন্তত ৰাজ্যপালগৰাকীয়ে ডিফু ক্লাবৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয় পৰ্যন্ত নিচামুক্ত ভাৰত গঢ়াৰ উদ্দেশ্যে পদযাত্ৰাত অংশগ্ৰহণ কৰে। পাহাৰীয়া জিলাৰ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবেই কাৰ্বি আংলঙত উপস্থিত হোৱা বুলি উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে।

তেওঁ কয় দেশৰ বিকাশৰ অন্তৰায় হিচাপে থিয় দিয়া নিচাক সমাজৰ পৰা আঁতৰ কৰি বিকশিত ভাৰত গঢ়াৰ বাবে সংকল্প গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে ১৭ ছেপ্টেম্বৰ পৰা ২ অক্টোবৰ লৈ এই ‘নিচামুক্ত ভাৰত সংকল্প’ কাৰ্যসূচীয়ে ৰাজ্যৰ দহখন জিলাৰ লগত কাৰ্বি আংলঙকো সামৰি লৈছে।













