ASSAM TIMES POST
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি কাৰবি আংলং জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়তো আন্তৰ্জাতিক নাৰী দিৱসটি উলহ মালহেৰে পালন কৰা হয় ৷ ডিষ্ট্ৰিক্ট লীগেল চাৰ্ভিছ চমুকৈ ডিএলএছএ আৰু ৱান ষ্টপ চেণ্টাৰে যুটীয়াভাবে উদযাপন কৰে আন্তৰ্জাতিক নাৰী দিৱসটি ৷

ডিএলএছএৰ সচিব তথা ন্যায়িক বিষয়া (এজেএছ )নেগিব আহমেদ, ৱান ষ্টপ চেণ্টাৰৰ ইশিতা টেৰণপী আইন সহায়ক অধিবক্তাদ্বয় ৰশ্মি ভড়ালী আৰু কণিকা বিশ্বাস উপস্থিত থাকে ৷ “ঘৰুৱা নিৰ্যাতন”ক থীম হিচাপে লৈ প্ৰিয়ঙ্কা শইকীয়াই সুন্দৰ নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে ৷
এই উপলক্ষে ন্যায়ালয় চৌহদত অনুষ্ঠিত হোৱা সভাত লিংগ সমতাৰ ওপৰত আলোচনা কৰাৰ ওপৰিও মহিলা সকলৰ সমাজৰ প্ৰতি থকা অনবৈদ্য অৱদানৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়োৱা হয় ৷












