
১৭ হাজাৰ ফুট উচ্চতাত মাজ আকাশত যাত্ৰীবাহী বিমানত বজ্ৰপাত (Lightning on the plane)। বিহাৰৰ পাটনাৰ পৰা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌলৈ উৰা মাৰিছিল ইণ্ডিগ’ৰ এখন বিমান (IndiGo plane)। আকাশত বেয়া বতৰৰ সন্মুখীন হয় পাইলট। বজ্ৰপাত হোৱা বুলি উপলব্ধি কৰি তেওঁ বিমান পৰিবহণ নিয়ন্ত্ৰণক খবৰ দিয়ে। লগে লগে লক্ষ্ণৌ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে বিমানখন।
বজ্ৰপাতৰ ফলত ইণ্ডিগ’ৰ ৬ই৯২৫ বিমানখনৰ সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হয়। সন্মুখভাগ ভাঙি যায়। অৱশ্যে যাত্ৰীসকল সুৰক্ষিত। জানিব পৰা মতে, ইণ্ডিগ’ বিমানখনত মুঠ ১০৪ জন যাত্ৰী আৰু ৬ গৰাকী বিমান পৰিচাৰিকা আছিল। পাইলট বা বিমান পৰিচাৰিকাই গম পোৱা নাছিল যে বিমানখনত বজ্ৰপাত পৰিছে। অৱতৰণ কৰাৰ পিছত তেওঁলোকে বুজি পালে যে বিমানখনৰ ঠিক ওপৰত বজ্ৰপাতে খুন্দা মাৰিছে।

পাটনাৰ পৰা অহা বিমানখনে বুধবাৰে বিয়লি ৪.১২ বজাত লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। জৰুৰী অৱতৰণৰ বাবে নিৰ্ধাৰিত সময়তকৈ ৮ মিনিট পূৰ্বে অৱতৰণ কৰে বিমানখন। বেয়া বতৰ আৰু বজ্ৰপাতৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে পাইলটজনে জৰুৰী অৱতৰণ কৰে। যাত্ৰীসকলক নিৰাপদে নমাই দিয়া হয়। পিছত বিমানবন্দৰৰ এটা নিৰ্দিষ্ট এলেকাত বিমানখন ৰখাই থোৱাৰ সময়ত কৰ্তৃপক্ষই বিমানখনৰ ক্ষতিগ্ৰস্ত অংশটো লক্ষ্য কৰে।
বিষয়টোৰ সন্দৰ্ভত জ্ঞাত এক সূত্ৰৰ উদ্ধৃতি দি টাইমছ অব ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি, পাইলটে বজ্ৰপাত হোৱা বুলি গম পাই বিমান পৰিবহণ নিয়ন্ত্ৰকক সতৰ্ক কৰি দিয়ে। কিন্তু ইয়াৰ ফলত বিমানখনৰ কোনো ক্ষতি হৈছে নে নাই সেই বিষয়ে তেওঁলোক নিশ্চিত নাছিল। সাধাৰণতে বিমান এখনৰ সন্মুখত বতৰৰ ৰাডাৰ স্থাপন কৰা হয়। সেইটোৱেই বজ্ৰপাতৰ ফলত ক্ষতিগ্ৰস্ত হয়।













