
কংগ্ৰেছৰ প্ৰতিবাদী (Congress protest কাৰ্যসূচীৰ সময়ত সৃষ্টি হোৱা জটিল পৰিস্থিতি নিয়ন্ত্ৰণত সন্মুখৰ পৰা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰে দিল্লী আৰক্ষীৰ দক্ষিণ জিলাৰ অতিৰিক্ত আৰক্ষী উপায়ুক্ত–১ ঐশ্বৰ্য সিঙে (IPS officer Aishwarya Singh)।
প্ৰতিবাদৰ মাজত তেওঁ ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতি চম্ভালিবলৈ আগবাঢ়ে। সহকৰ্মী আৰক্ষীসকলৰ সৈতে সন্মুখত থাকি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰা তেওঁৰ ভূমিকাই প্ৰত্যাহ্বানৰ সময়ত নেতৃত্বৰ দায়িত্ববোধ আৰু পেছাদাৰী দক্ষতাৰ পৰিচয় দাঙি ধৰে।












