
মঙলবাৰৰ পৰা ৩১ অক্টোবৰলৈকে অসম প্রদেশ বিজেপিয়ে (Assam BJP) ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰত শান্তিপূৰ্ণ গণসমাৱেশ (Peaceful gathering) অনুষ্ঠিত কৰিব। এই কথা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) প্ৰকাশ কৰিছে। শেহতীয়াকৈ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ অপসাৰণ আৰু এছ আই আৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ চলি আছে। এই প্ৰতিবাদৰ জৰিয়তে দেশক অস্থিৰ কৰাৰ দাবী বিজেপিৰ। ইয়াৰ আঁৰত কংগ্ৰেছ (Congress) তথা ৰাহুল গান্ধীৰ ষড়যন্ত্ৰ থকাৰো অভিযোগ তুলিছে বিজেপিয়ে। আনহাতে, বিৰোধীৰ এই কাৰ্যৰ বিৰোধিতা কৰি ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী।
মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখিছে, “ৰাহুল গান্ধী আৰু তেওঁৰ কংগ্ৰেছ দলে ভাৰতৰ উজ্জীৱিত গণতন্ত্ৰৰ মূল ভেটিটোত আক্ৰমণ চলোৱাৰ কার্য অতিকৈ দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। দেশবাসীৰ মনত কংগ্ৰেছৰ দ্বৈত স্থিতি স্পষ্ট। মাননীয় শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’লে ৰাহুল গান্ধীয়ে ইয়াক কাৰচাজি বুলি অভিহিত কৰে, অথচ নিজে সংসদলৈ নিৰ্বাচিত হোৱা আৰু পৰৱৰ্তী সময়ত বিৰোধী দলপতিৰ পদ লাভ কৰাক লৈ তেওঁৰ কোনো প্ৰশ্নই নাই।”
তেওঁ লগতে লিখিছে, আচৰিত লাগে তেতিয়াহে— তেওঁলোকৰ বাবে অসমৰ নির্বাচনৰ ফলাফল গ্ৰহণযোগ্য নহয়, কিন্তু কেৰালাই কংগ্ৰেছক ভোট দিলে সেয়া আদৰণীয়! কংগ্ৰেছৰ বাবে গণতন্ত্ৰ তেতিয়াহে বৈধ, যেতিয়া সেই ফলাফল কংগ্ৰেছৰ পক্ষত থাকে।”

বৰ্তমানৰ প্ৰতিবাদৰ প্ৰসংগ উল্লেখ কৰি লিখিছে, “এতিয়াৰ কথালৈকে চাওক— ভাৰতৰ মাননীয় মুখ্য ন্যায়াধীশে সাক্ষাতৰ বাবে অস্বীকাৰ কৰাৰ পাছতো উচ্চতম ন্যায়ালয়লৈ পদযাত্ৰা কৰি ৰাহুল গান্ধীয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰত ৰাজনৈতিক হেঁচা সৃষ্টি কৰিবলৈ উঠিপৰি লাগিছে। ৰাইজৰ আস্থাৰ প্রকাশক সাংবিধানিক প্ৰতিষ্ঠানসমূহক কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী হতাশাৰ বলি বা তাৰ প্ৰতি জবাবদিহি কৰিব কোনেও নোৱাৰে।”
আনহাতে, প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত তেওঁ লিখিছে, “অসমৰ ৰাইজ নীৰৱ হৈ নাথাকে। কাইলৈৰ পৰা ৩১ অক্টোবৰলৈকে অসম প্রদেশ বিজেপিয়ে ৰাজ্যৰ প্ৰতি জিলাৰ সদৰত শান্তিপূৰ্ণ গণসমাৱেশ অনুষ্ঠিত কৰিব। এই সমাৱেশৰ জৰিয়তে আমি ৰাইজক কংগ্ৰেছ দলৰ নিম্নলিখিত অপচেষ্টাসমূহৰ বিৰুদ্ধে সজাগ কৰিম।”
কংগ্ৰেছে সাংবিধানিক প্ৰতিষ্ঠানসমূহক ভাবুকি প্রদান কৰা, এছ আই আৰৰ বিৰোধিতা কৰি তেওঁলোকে অনুপ্ৰৱেশকাৰীসকলক সুৰক্ষা দিয়া, জনসাধাৰণৰ গণতান্ত্ৰিক ৰায়ক দলটোৱে অৱমাননা কৰা বিষয়সমূহ ৰাইজৰ মাজলৈ লৈ আহিব।
তেওঁ লগতে লিখিছে, “সমান্তৰালভাৱে এই কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আমাৰ অটল সমৰ্থন আৰু ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ তেখেতৰ সংকল্পৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিম।”
মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয়, “জনসাধাৰণৰ বহুমূলীয়া ৰায়ক সন্মান জনাবই লাগিব। আমাৰ সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ স্বাধীনতা অক্ষুণ্ণ থাকিবই লাগিব। ৰাজনৈতিক সুবিধা অনুসৰি কোনোৱেই ইয়াক ভাবুকি বা পণবন্দী কৰি ৰাখিব নোৱাৰিব।”













