ASSAM TIMES POST
নিউজ ডেস্ক:

ভাৰতত ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা৷ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ অৰ্থে দেশত লকডাউন অব্যাহত আছে যদিও ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে অব্যাহত আছে৷ বাতৰি যুগুত কৰা পৰ্যন্ত দেশত ৮৭৩ জন লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে৷ ইয়াৰে ভিতৰত যোৱা ২৪ ঘণ্টাত ১৪৯ জন লোক আক্ৰান্ত হৈছে৷
নতুনকৈ সংক্ৰমিত হোৱাসকলৰ ভিতৰত শুকুৰবাৰে ১৪০ জন লোক আক্ৰান্ত হয়৷ যিটো দেশৰ ভিতৰত সৰ্বোচ্চ৷ শনিবাৰে নতুনকৈ সংক্ৰমিত হয় ৩৯ জন৷ ইতিমধ্যে ৭৯ জন লোক সুস্থ হৈ উঠিছে৷
ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ ভিতৰত সৰ্বাধিক লোক মহাৰাষ্ট্ৰৰ৷ ৰাজ্যখনত ১৮০ জন লোকলৈ সংক্ৰমিত হয়৷ ইয়াৰ পাছতে কেৰালাৰ স্থান৷ কেৰালাত ১৪৯ জন লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে৷ সমগ্ৰ দেশত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৮২৬ জন আৰু ইয়াৰ ভিতৰত ৪৭ জন বিদেশী আছে৷













