
ছাত্ৰ প্ৰতিবাদৰ দৰে পৰিস্থিতি চম্ভালিবৰ সময়ত আৰক্ষী অধিক সংযত হ’ব লাগে (Police should be more careful)। প্ৰতিবাদকাৰীয়ে কি কৈছে শুনাটো প্ৰয়োজনীয়। আনকি কোনোবাই বিপথে পৰিচালিত হৈ ইটা-শিল নিক্ষেপ কৰিলেও তেওঁলোকৰ কথা শুনা উচিত। বুধবাৰে এই কথা স্পষ্ট কৰি দিলে উচ্চতম ন্যায়ালয়ে (Supreme Court)। আদালতে পৰ্যবেক্ষণ কৰে যে ৰাষ্ট্ৰৰ ক্ষমতা প্ৰদৰ্শনৰ বাবে বল প্ৰয়োগ কৰিলে হিতে বিপৰীত হ’ব পাৰে।
নীট প্ৰশ্নকাকত ফাদিলবিৰোধী আন্দোলনৰ সময়ত ২০ জুলাইত সংসদ অভিযান কাৰ্যসূচী আহ্বান কৰা হৈছিল। সেই সমদলৰ সময়ত যিহেতু আৰক্ষীৰ বিৰুদ্ধে অতিমাত্ৰা অভিযোগ উত্থাপন হৈছিল, সেয়েহে আৰক্ষীৰ ওপৰত আক্ৰমণৰ অভিযোগো উত্থাপন হৈছিল। ইতিমধ্যে উচ্চতম ন্যায়ালয়ত দুই প্ৰকাৰৰ অভিযোগৰ গোচৰ ৰুজু কৰা হৈছে। এইবাৰ উক্ত সমদলক লৈ সৃষ্টি হোৱা অশান্তি সন্দৰ্ভত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠত নতুন গোচৰ ৰুজু কৰা হৈছে। এই অশান্তিৰ বাবে সংসদ অভিযান কাৰ্যসূচীৰ আয়োজকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে মনীষ কুমাৰ চোলাংকিয়ে।
বুধবাৰে তেওঁৰ অধিবক্তাই এই বিষয়টোৰ প্ৰতি আদালতৰ দৃষ্টি আকৰ্ষণ কৰে। উচ্চতম ন্যায়ালয়ে তেওঁৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে। দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ সৈতে জড়িত বাকী গোচৰৰ লগতে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব আদালতে। উচ্চতম ন্যায়ালয়ে নতুন গোচৰটো গ্ৰহণ কৰাৰ সমান্তৰালকৈ আজি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ (Students’ protest) চম্ভালিবলৈ চৰকাৰ আৰু আৰক্ষীৰ ভূমিকা কি হ’ব লাগে সেয়া স্পষ্ট কৰি দিয়ে। ইয়াত বুজাই দিয়া হৈছে যে এনে ক্ষেত্ৰত ৰাষ্ট্ৰ অধিক সংযত হৈ থকাৰ প্ৰয়োজন আছে। আদালতৰ মতে তেওঁলোকে প্ৰতিবাদ কৰাৰ কাৰণ বুজিবলৈ চেষ্টা কৰাটো ভাল।

প্রশ্নকাকত ফাদিলৰ বিৰুদ্ধে ছাত্র-ছাত্রীৰ প্রতিবাদৰ সময়ত প্রতিবাদকাৰীৰ এটা অংশই আৰক্ষীক শিলগুটি নিক্ষেপ কৰাৰ অভিযোগো উত্থাপন হৈছে৷ আজি পুনৰ সেই বিষয়টোৰ প্ৰতি আদালতৰ দৃষ্টি আকৰ্ষণ কৰা হয়। কিন্তু মুখ্য ন্যায়াধীশ কান্তে পৰ্যবেক্ষণ কৰে যে কোনোবাই বিপথে পৰিচালিত হৈ শিলগুটি নিক্ষেপ কৰিলেও সেই যুৱক-যুৱতীসকলৰ কথা শুনাটো প্ৰয়োজনীয়। তেওঁলোকক শান্ত কৰি প্ৰয়োজনীয় পৰামৰ্শ দিয়াৰ প্ৰয়োজন। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “তেওঁলোক (আন্দোলনকাৰী) যুৱক। তেওঁলোকক কাউন্সেলিং আৰু উপযুক্ত পৰামৰ্শৰ প্ৰয়োজন। ৰাষ্ট্ৰৰ ক্ষমতা দেখুৱাবলৈ যিকোনো শক্তিৰ ব্যৱহাৰে পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। অশান্তি আৰু বৃদ্ধি পাব পাৰে। গতিকে এই সকলোবোৰৰ পৰা আঁতৰি থকাটো প্ৰয়োজনীয়।”
আদালতৰ মতে, এই সকলোবোৰ গোচৰত যুৱক-যুৱতীসকলৰ কথা শুনাটোৱেই হ’ব পাৰে প্ৰতিবাদ চম্ভালিব পৰাৰ সৰ্বোত্তম উপায়। মুখ্য ন্যায়াধীশগৰাকীয়ে পৰ্যবেক্ষণ কৰি কয়, “পৰিস্থিতি যাতে কোনো ধৰণে নিয়ন্ত্ৰণৰ বাহিৰলৈ নাযায় তাৰ বাবে আৰক্ষী সংযত হোৱাটো প্ৰয়োজন। যিয়েই নহওক, ইয়াক অতি সাৱধানে চম্ভালিব লাগিব। যুৱক-যুৱতীসকলে যাতে কোনো ধৰণৰ অশান্তিৰ মাজত সোমাই নাযায় তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগিব। গতিকে সৰ্বোত্তম উপায় হ’ল তেওঁলোকৰ কথা শুনা। তেওঁলোকৰ কথা শুনা, তেওঁলোকে কিয় প্ৰতিবাদ কৰিছে সেই কথা বুজিবলৈ চেষ্টা কৰা।”
অৱশ্যে মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে প্ৰতিবাদসমূহ কেনেদৰে চম্ভালিব সেই সিদ্ধান্ত অৱশেষত বাহিনীসমূহৰ ওপৰত এৰি দিব লাগে। কাৰণ তেওঁলোকৰ এনে পৰিস্থিতি চম্ভালিব পৰা অভিজ্ঞতা আৰু দক্ষতা আছে।











