ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 5, 2026
Reading Time: 1 min read
A A
0
Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এতিয়াৰে পৰা গাড়ী বা বাইকৰ (Car or bike) বৈধ বীমা নাথাকিলে (don’t have valid insurance) তেল ডিপোৰ (Oil depot) পৰা পেট্ৰ’ল বা ডিজেল নাপাবও (Can’t get petrol or diesel) পাৰে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক পৰীক্ষামূলক ভিত্তিত (পাইলট প্ৰজেক্ট) এই ক্ষেত্ৰত কি কৰিব পাৰি সেই বিষয়ে চিন্তা কৰিবলৈ কৈছে। চৰকাৰলৈ এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। সমগ্ৰ দেশৰ সকলো পেট্ৰ’ল পাম্পৰ বাবে এই প্ৰকল্প কাৰ্যকৰী হ’ব। শীৰ্ষ ন্যায়ালয়ে কয় যে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয় আৰু ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণে এই প্ৰকল্পত যৌথভাৱে কাম কৰিব। পেট্ৰ’ল বা ডিজেল যোগান ধৰাৰ পূৰ্বে ডিপোৰ কৰ্মচাৰীয়ে সংশ্লিষ্ট বাহনখনৰ বীমা আছেনে নাই সেইটো পৰীক্ষা কৰিব পাৰিব।

উচ্চতম ন্যায়ালয়ৰ প্ৰস্তাৱ অনুসৰি, গাড়ীখনৰ বৈধ বীমা থকাটো বাঞ্ছনীয়। লগতে পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে বীমা নবীকৰণ কৰা হৈছেনে নাই সেইটোও পৰীক্ষা কৰিবলৈ সক্ষম হ’ব। যদি কোনো বৈধ বীমা নাথাকে তেন্তে তেওঁলোকে সংশ্লিষ্ট বাহনখনক পেট্ৰ’ল বা ডিজেল যোগান নধৰিবও পাৰে। আদালতে যুক্তি দিয়ে যে পথ সুৰক্ষা ব্যৱস্থাৰ অংশ হিচাপে এই ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে। অৱশ্যে কেৱল পেট্ৰ’ল পাম্পতে যে গাড়ীখনৰ বীমা পৰীক্ষা কৰা হ’ব এনে নহয়। আদালতে কয় যে যান-বাহন আৰক্ষীয়েও পথত বিষয়টো চোৱা-চিতা কৰিব।

ৰাজপথত অটোমেটিক নম্বৰ প্লেট চিনাক্তকৰণ (এএনপিআৰ) কেমেৰা স্থাপন কৰা হৈছে। যান-বাহন আইনসমূহৰ পৰা সকলো বিচ্যুতি, যেনে সংকেত অমান্য কৰা, পথৰ ভুল ফালে গাড়ী চলোৱা বা দ্ৰুতবেগত গাড়ী চলোৱা আদি কেমেৰাই ধৰা পেলায়। উচ্চতম ন্যায়ালয়ে বীমা সম্পৰ্কীয় বিষয়সমূহ সেই প্ৰযুক্তিৰ সৈতে সংযোগ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। উদ্দেশ্য হৈছে যদি কোনো বাহনৰ বৈধ বীমা নাথাকে তেন্তে কেমেৰাত ধৰা পৰিব।

petrol1 | ASSAM TIMES POST
গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

নাকা চেক বা পথ সংযোগস্থলত থিয় হৈ থকা যান-বাহন আৰক্ষীয়ে যাতে গাড়ীখনৰ বীমা পৰীক্ষা কৰিব পাৰে তাৰ বাবে শীর্ষ আদালতে প্রয়োজনীয় পদক্ষেপৰ পৰামৰ্শ আগবঢ়াইছে। উচ্চতম ন্যায়ালয়ে কয় যে কেন্দ্ৰই তৎক্ষণাত বীমা পৰীক্ষা কৰিবলৈ যান-বাহন আৰক্ষীৰ ওচৰত প্ৰয়োজনীয় এপ বা কোনো যন্ত্ৰ ৰাখিব পাৰি নেকি চাব লাগিব।

নতুন গাড়ী কিনাৰ সময়ত তৃতীয় পক্ষৰ বীমা বাধ্যতামূলক। ব্যক্তিগত গাড়ীৰ ক্ষেত্ৰত বীমাৰ সময়সীমা সাধাৰণতে তিনি বছৰ। উচ্চতম ন্যায়ালয়ে এই সময়সীমা চাৰি বছৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে। আৰু বাইকৰ ক্ষেত্ৰত শীৰ্ষ আদালতে বীমাৰ সময়সীমা পাঁচ বছৰৰ পৰা ছবছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

বৈধ বীমা অবিহনে গাড়ী চলোৱাৰ ধাৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। আদালতে পৰ্যবেক্ষণ কৰে যে ভাৰতত পথত চলাচল কৰা কমেও ৫৬ শতাংশ বাহনৰ বৈধ বীমা নাই। সংসদীয় সমিতিৰ প্ৰতিবেদনৰ উদ্ধৃতি দি উচ্চতম ন্যায়ালয়ে এই পৰিসংখ্যা প্ৰদান কৰে। ইয়াত কোৱা হৈছে যে ৩০ কোটি ৪৮ লাখ বাহনৰ ভিতৰত প্ৰায় ১৬ কোটি ৫৪ লাখ বাহন বীমাৰ অধীনত নাই। ইয়াৰ ফলস্বৰূপে পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকলে সময়মতে ক্ষতিপূৰণ নাপায় বুলি আদালতৰ মত। ফলত তেওঁলোকে দীঘলীয়া আইনী যুদ্ধত লিপ্ত হ’বলগীয়া হয়। এই সকলোবোৰ দিশ বিবেচনা কৰি উচ্চতম ন্যায়ালয়ে নতুন আঁচনি আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

আদালতৰ মতে, যদি এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় তেন্তে বীমাবিহীন বাহনৰ চলাচল ৰোধ কৰা সম্ভৱ হ’ব। ইয়াৰ উপৰি যান-বাহন আইন উলংঘা কৰাৰ প্ৰৱণতাও কমি যাব। তৃতীয় পক্ষৰ বীমাৰ চৰ্তসমূহ যাতে সঠিকভাৱে পালন কৰা হয় তাৰ বাবে এনে আঁচনিৰ প্ৰয়োজন। বৰ্তমান উচ্চতম ন্যায়ালয়ৰ প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিবলৈ কি কি পদক্ষেপৰ প্ৰয়োজন সেয়া কেন্দ্ৰই পৰীক্ষা কৰিব। কিন্তু যদিহে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়, তেন্তে ই প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে ফলপ্ৰসূ হ’ব। অৰ্থাৎ নতুন আঁচনিখন আৰম্ভ হ’লেই পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে বীমাবিহীন বাহন ঘূৰাই পঠাব নোৱাৰিব। তাৰ পৰিৱৰ্তে সতৰ্ক কৰি দিব।

Tags: NoInsurenceNoPetrol
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx