ASSAM TIMES POST
নিউজ ডেস্ক
লকডাউনৰ মাজতে ক্ৰমাৎ জটিল হৈছে দেশৰ পৰিস্থিতি । ইতিমধ্যে ক’ভিড-১৯ আক্রান্ত সংখ্যাই প্ৰৱেশ কৰিলে হাজাৰৰ ঘৰ। ৰাতি ১০ বজালৈ দেশত কৰ’নাত আক্রান্ত সংখ্যা হৈছে গৈ ১০১১ জন । দিনটোত নতুনকৈ আক্রান্ত হৈছে ১২৫ জন ।
সৰ্বাধিক আক্রান্ত সংখ্যা হৈছে মহাৰাষ্ট্ৰ ১৮৬জন । মহাৰাষ্ট্ৰ পিছতে কেৰেলা ১৮২জন । গুৰুত্বপূৰ্ণ কথা এই যে, আজি দিনটোত দেশত মৃত্যু আঁকোৱালি লৈছে ৩গৰাকীয়ে । মুঠ মৃত্যু সংখ্যা হৈছেগৈ ২২জন ।













