ASSAM TIMES POST
নিউজ ডেস্ক:

বিশ্বত্ৰাস ক’ৰনা ভাইৰাছ(ক’ভিড-১৯) সংক্ৰমণ প্ৰতিৰোধৰ বাবে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।জনতাক মহামাৰী ক’ভিড-১৯ৰ পৰা ৰক্ষা কৰাৰ বাবে ২৪ঘন্টাই সষ্টম হৈ সেৱা আগবঢ়াইছে স্বাস্থ্যৰ বিভাগে।দেশ শেহতীয়া ভাৱে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰা ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ৩৩খন জিলাতে গ্ৰহণ কৰা হৈছে যুদ্ধকালীন তৎপৰতা।
স্বাস্থ্য বিভাগৰ পৰা লাভ তথ্য অনুসৰি ৰাজ্য ৩৩খন জিলাত হোম কোৱাৰাণ্টাইন কৰি ৰখা হৈছে ৫২,৮৩০জন লোকক।নগাঁও জিলাত সৰ্বাধিক ৩,৮৯৫জন দ্বিতীয়তে মৰিগাঁও ৩,৫০৬জন।
উল্লেখ কথা এইয়ে হোম কোৱাৰাণ্টাইনত ৰখা অধিকাংশ অসমৰ নাগৰিক যদিও দেশৰ বিভিন্ন প্ৰান্তত কৰ্মসূত্ৰে থাকি অসমলৈ ঘুৰি অহা।প্ৰায় সংখ্যক যোৱা ২০-২৫মাৰ্চ ভিতৰত ৰাজ্যলৈ অহা।
স্বাস্থ্য বিভাগৰ দ্বাৰা নিয়োজিত আশাকর্মী, চাৰ্ভিলেঞ্চ টীমে ঘৰৰ ভিতৰত থকা ব্যক্তি সকলৰ লক্ষণ সমূহ নিৰীক্ষণ কৰি আছে।
উল্লেখ যে শুভাগ্যবসত ৰাজ্যত বৰ্তমানলৈকে কোনো ব্যক্তি দেহত ধৰা পৰা নাই ক’ভিড-১৯ৰ উপস্থিতি।













