ASSAM TIMES POST
হাজো : দেশত ২১ দিনীয়া তলা বন্ধৰ মাজতে এটাৰ পাছত আনটো হিংসাত্মক ঘটনা। তীৰ্থনগৰী হাজোত দুদিন পূৰ্বে স্বাস্থ্যকৰ্মীক আক্ৰমণৰ ঘটনা আৰু আজি হাজোৰ জাপিয়াত আন এক ভয়ংকৰ ঘটনা। কৰ্মস্থলীলৈ আহি থকা অৱস্থাত পল্টন বজাৰ আৰক্ষী থানাৰ চাদ্দাম হুছেইন নামৰ জোৱানক উপৰ্যুপৰি প্ৰহাৰ কৰিলে জাপিয়াৰ জামৰতলৰ একাংশ নিম্ন মনোবৃত্তিৰ লোকে। উল্লেখ্য যে, হোম গাৰ্ডৰ এইগৰাকী জোৱানে গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষী থানালৈ নিজৰ কৰ্তব্য পালৰ বাবে নিজ গৃহ জাপিয়াৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছিল ।
কিন্তু গাঁৱৰ একাংশ লোকে কোনো নীতি-নিয়ম নমনাকৈ ৰাজপথত বান্ধি ৰাখিছিল বাঁহ । জৰুৰীকালীন সেৱাৰ বাবে নিয়োজিত এইগৰাকী জোৱানে বাট মোকোলাই দিবলৈ অনুৰোধ কৰে যদিও চাৰি-পাঁচজনীয়া উদণ্ড যুৱকৰ দলে বেয়াকৈ প্ৰহাৰ কৰাৰ লগতে ফালি পেলায় জোৱানজনৰ পোছাকজোৰো। এতিয়া এই ঘটনাক লৈ সমগ্ৰ হাজোতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।













