ASSAM TIMES POST
নিউজ ডেস্ক:

সম্পূৰ্ণ এবছৰ পিছুৱাই গ’ল টকীঅ’ অলিম্পিক৷ ২০২১ চনৰ ২৩ জুলাইৰ পৰা আৰম্ভ হ’ব অলিম্পিক৷ আনহাতে এই অলিম্পিক ৮ আগষ্টত অন্ত পৰিব৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে অলিম্পিক পিছুৱাই দিয়া হৈছিল৷ জাপানৰ প্ৰধানমন্ত্ৰী ছিনজো আবেয়ে অলিম্পিকখন পিছুৱাই দিবলৈ আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সভাপতি টমাছ বাখেক অনুৰোধ কৰিছিল৷ আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সভাপতিয়ে সেই আবেদনক সঁহাৰি জনায় আৰু টকীঅ’ অলিম্পিক ২০২০ পিছুৱাই দিয়ে৷













