ASSAM TIMES POST
বঙাইগাঁওঃ লকডাউন উলংঘা কৰি মটৰ চাইকেললৈ ৰাজপথলৈ ওলাই অহাসকলৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ যান-বাহন শাখাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উঠি-পৰি লাগিছে ৷ কেৱল উঠি-পৰি লগাই নহয় বৰং ইতিমধ্যে জব্দ কৰিছে বহু সংখ্যক মটৰ চাইকেল- স্কুটী ৷ উল্লেখ্য যে, লকডাউন উলংঘা কৰি যতে-মধে মটৰ চাইকেললৈ বিনা কাৰণত বঙাইগাঁও চহৰত চলা- ফুৰা কৰা সকলৰ বিৰুদ্ধে আৰক্ষীৰ যান -বাহন শাখাই অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ আৰক্ষীয়ে বঙাইগাঁও চহৰৰ লগতে বিভিন্ন ঠাইত লকডাউন উলংঘাকাৰী মটৰ চাইকেল আৰোহীৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ ফলত বৰ্তমানলৈকে শতাধিকখন মটৰ চাইকেল জব্দ কৰিছে ৷ এই লকডাউন উলংঘাকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে ৷
লগতে জব্দ কৰা মটৰ চাইকেল আৰু স্কুটীসমূহ লক ডাউন খোলাৰ পিছতহে গৰাকীয়ে লাভ কৰিব বুলিও জানিবলৈ দিছে ৷ যান-বাহন আৰক্ষীয়ে দৈনিক মটৰ-চাইকেল আৰোহীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু বিনা কাৰণত যদি ঘৰৰ পৰা মটৰ চাইকেললৈ ওলাই অহাতো প্ৰমাণিত হয় ,তেতিয়াহলে সেইসকলৰ মটৰ চাইকেল – স্কুটী সমূহ জব্দ কৰি ৰাখিছে ৷ লগতে লকডাউন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য বুলিও কয় ৷













