ASSAM TIMES POST
নিউজ ডেস্ক
লকডাউনৰ সময়তে ছ’চিয়েল মিডিয়াত বিয়পিছে এই খবৰ। এতিয়াৰে পৰা প্ৰতিজন লোকৰ ফোন কলৰ লগতে বাৰ্তালাপত নজৰ ৰাখিব চৰকাৰ-প্ৰশাসনে। এণ্ড্ৰইড ম’বাইলসমূহ চৰকাৰৰ নিৰীক্ষণত থাকিব আৰু আৰক্ষীয়ে প্ৰয়োজন হ’লেই আপোনাৰ ওপৰত ৰুজু কৰিব গোচৰ।
চৰকাৰী জাননী :
জন সংযোগ আৰু ডিজিটেল ইকনমি মন্ত্ৰালয়ৰ পৰা জন সাধাৰণৰ বাবে জাননী :
অহা কালি, 04/04/20 তাৰিখৰ পৰা জন-সংযোগৰ নতুন নিয়মাৱলী :
1/প্ৰতিটো ফোন কল ৰেকৰ্ডিং কৰা হ’ব,
2/প্ৰতিটো ফোন কলৰ ৰেকৰ্ডিং চেভ কৰা হ’ব,

3/ৱাট্চআপ সমূহ নীৰিক্ষণ কৰা হ’ব,
4/টুইটাৰ সমূহ নীৰিক্ষণ কৰা হ’ব,
5/ফেচবুক বিলাক নীৰিক্ষণ কৰা হ’ব,
6/সকলো চ’চিয়েল মেডিয়া আৰু ফ’ৰাম সমূহ নীৰিক্ষণ কৰা হ’ব,
7/আপেনাৰ এনড্ৰইড ম’বাইলটো পোনে পোনে মন্ত্ৰীৰ ব্যৱস্থাৰ সৈতে সংযোজিত হ’ব,
8/যি সকলে জনা নাই তেওঁলোকক জনাওক,
9/সাৱধান, অপ্ৰয়োজনীয় মেছেজ পোষ্ট নকৰিব, সকলোকে জনাওক.
10/ৰাজনীতি, ধৰ্মনীতি আৰু চৰকাৰৰ বিষয়ে কোনো ভিডিঅ বা ফটো পোষ্ট আৰু শ্বেয়াৰ নকৰিব,
11/আপোনাৰ পৰিয়াল, বন্ধু, সন্তান আদিক কথাটো জনাওক,
12/উপৰুক্ত কাৰণত পুলিচে আপেনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে I
এই মেছেজটো আপুনি নিজৰ বন্ধু বৰ্গ আৰু পৰিয়ালৰ ব্যক্তি সকলৰ মাজত শ্বেয়াৰ কৰক I. :
: Minister of Communication and Digital Economy
প্ৰকৃততে এইয়া এক অপপ্ৰচাৰহে।অসম আৰক্ষীয়ে ভুৱা খবৰ বুলি নিশ্চিত কৰিছে। অসম আৰক্ষীৰ টুইটাৰ আৰু ফেচবুক একাউন্টত এনে খবৰৰ পৰা আতৰি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। এনে বাৰ্তা সম্প্ৰচাৰৰ লগতে ফৰৱাৰ্ড কৰাৰ পৰা বিৰত থাকিবলৈও নিৰ্দেশ দিছে অসম আৰক্ষীয়ে।














