ASSAM TIMES POST
নগাঁও : কবিড – ১৯ ৰ সংক্ৰমণক লৈ সৃষ্টি হোৱা ভয়াবহ পৰিস্থিতিৰ সময়ত চ’ছিয়েল মিডিয়াত বিভিন্ন ব্যক্তিগত চৰিত্ৰহনন কাৰী পোষ্ট দিয়া, চৰকাৰ তথা প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰিবলৈ উচতনি দিয়া, সমাজত অশান্তি আনিব বিচৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব।ইতিমধ্যে চাইবাৰ চেলে এই সন্দৰ্ভত দৃষ্টি নিবদ্ধ ৰাখিছে আৰু ব্যৱস্থাও লোৱা হৈছে। বৰ্তমান ডিএম এক্টৰ জৰিয়তে স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলেও এই ক্ষেত্ৰত ব্যৱস্থা ল’ব পাৰিব ।
আজি সন্ধিয়া নগাঁৱত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। আনহাতে নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি অহা অধিক সংখ্যক লোকক অসম আৰক্ষীয়ে চিনাক্ত কৰা বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে কয় যে অসম আৰক্ষীয়ে বিশেষ প্ৰযুক্তিৰ জৰিয়তে চিনাক্ত কৰিছে এইসকল লোকক চিনাক্ত কৰি উলিয়াইছে । ইতিমধ্যে যথেষ্ট সংখ্যক লোক আৰু নিজামুদ্দিন কাণ্ডৰ লগত জড়িত বহুতো জামাতীয়ে আৰক্ষীৰ লগত যোগাযোগ কৰিছে।
এইসকল লোকক আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে।আনহাতে যিসকল লোক নিজামুদ্দিনৰ পৰা ঘূৰি আহি এতিয়াও আত্মগোপন কৰি আছে আৰু যিসকল লোকে সেইসকলক লুকুৱাই ৰাখিছে তেঁওলোকক সুদাই এৰা নহব বুলিও আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্হা গ্ৰহন কৰা হব।
নগাঁও আৰক্ষী ছাউনীত আয়োজিত সংবাদ মেলত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ লগত উপস্থিত থাকে নগাঁও আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ।উল্লেখ্য, কৰোনা ভাইৰাছ সংক্ৰমণক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লবলৈ আজি নগাঁও চহৰত উপস্থিত হয়হি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকী। তেওঁ জিলাখনৰ উচ্চ পদস্থ আৰক্ষী বিষয়া সকলৰ সৈতে এক আলোচনাত মিলিত হয় ।













