ASSAM TIMES POST
নিউজ ডেস্ক
দেশত ৩ হাজাৰ অতিক্ৰম কৰিলে নভেল কৰণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই। ক্ৰমাৎ বাঢ়িছে আক্ৰান্তৰ সংখ্যা। শেহতীয়া ১২ ঘণ্টাৰ ৰিপোৰ্ট অনুসৰি আক্ৰান্তৰ সংখ্যা হৈছে ২৬১জন। সকলো মিলাই হৈছে ৩৭২৬জন। আনহাতে, সুস্থ হৈ উভতিছে ২৯০জন আৰু মৃত্যুক সাৱতিছে ১০০জনে বাতৰি লিখা সময়লৈকে।
কৰণা আক্ৰান্তৰ পৰিসংখ্যা উপৰি উদ্বেগ বঢ়াইছে কেন্দ্ৰই প্ৰদান কৰা আৰু এটা তথ্যই।
সাধাৰণভাবে কোৱা হৈছিল, বয়স্ক সকলেই অধিক সংক্ৰমণ প্ৰৱন, কিন্তু কেন্দ্ৰৰ তথ্যত কোৱা হৈছে দেশত এই পর্যন্ত যিসকল আক্ৰান্ত, তেওঁলোকৰ ভিতৰত ৮৩ শতাংশৰেই বয়স ৫০ৰ তলত! অধিক নিৰ্দিষ্ট কৰি কয়, ২১ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ লোকসকলেই দেশত এতিয়ালৈকে কৰণাত সবাতোকৈ বেছি আক্ৰান্ত হৈছে (মুঠ আক্ৰান্তৰ ৩৩ শতাংশ)। অৱশ্যে এইটো ঠিক যে, মৃত্যুৰ হাৰ সকলোতকৈ বেছি ৬০ উৰ্দ্ধৰ ভিতৰতেই। যদিও আক্ৰান্তৰ ভিতৰত তেওঁলোক ১৭ শতাংশ।













