ASSAM TIMES POST
নিউজ ডেস্ক
নিজামুদ্দিন মাৰ্কাজলৈ কিমান লোক গৈছিল তাৰ সঠিক তালিকাখন চৰকাৰে বিচাৰি আছে। জামাতৰ মুৰব্বীসকললৈ এই তালিকাখন বিচাৰি আহ্বান জনায় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোকে যিধৰণে সহযোগিতা কৰিব লাগিছিল সেইধৰণে সহযোগিতা কৰা নাই বুলি স্বাস্থ্য মন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে। এই লোকসকলৰ পৰাই সমগ্ৰ ৰাজ্যখনেতে ক’ৰোনা ভাইৰাছে সংক্ৰমণ কৰিবলৈ সুবিধা পাইছে। সেয়ে সঠিক তথ্য দি চৰকাৰক সহায় কৰিবলৈ আহ্বান জনায় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, দেওবাৰে মন্ত্ৰী ড° শৰ্মাই গুৱাহাটীৰ লাখটকীয়া মছজিদৰ নেতাক লগ কৰি নিজাবুদ্দিন মাৰ্কাজ প্ৰসংগত তালিকা বিচাৰে৷ মাৰ্কাজ ভ্ৰমণলৈ যোৱা লোকসকলৰ তালিকা বিচাৰিসকলো প্ৰকাৰৰ সহযোগিতা আহ্বান কৰে স্বাস্থ্য মন্ত্ৰী ড° শৰ্মাই ৷ এই লোকসকলৰ স্বাস্থ্য সুৰক্ষাৰ লগতে ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি কুৱাৰেণ্টাইনত প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰা হৈছে৷













