ASSAM TIMES POST
নিউজ ডেস্ক
ভাৰতৰ শীৰ্ষ স্থানীয় চিকিত্সকসকলে সতৰ্ক কৰি দি কৈছে, কৰণা ভাইৰাচৰ সম্ভাব্য ব্যাপক সংক্ৰমণ ৰোধৰ বাবে ভাৰতে অৱশ্যেই প্ৰস্তুতি চলাব লাগিব । যথাযথ পদক্ষেপ গ্ৰহণ নকৰিলে দেশৰ স্বাস্থ্য ব্যৱস্থা ভাঙি পৰাৰ লগতে কৰণাত মৃত্যুৰূপী ইউৰোপ তথা আমেৰিকাকো চেৰ পেলাব পাৰে ভাৰতে।
মুম্বাইত এছিয়াৰ বৃহত্তম বস্তিত প্ৰাণঘাটি কৰণা ভাইৰাচত আক্ৰান্ত হৈ এজনৰ মৃত্যু হোৱাৰ পিছত দেশখনৰ শীৰ্ষস্থানীয় চিকিৎসকসকলে এই সতৰ্কবাণী দিছে। উল্লেখযোগ্য যে, দেশখনৰ বাণিজ্যিক ৰাজধানী খ্যাত মুম্বাইৰ ধাৰাবি বস্তিত বুধবাৰে এজন ব্যক্তিৰ মৃত্যু হয়।উল্লেখযোগ্য যে, এছিয়াৰ বৃহত্তম মুম্বাইৰ ধাৰাবি বস্তিত ১০ লাখৰো অধিক লোকে বাস কৰে। এই বস্তিত প্ৰতি বৰ্গ কিলোমিটাৰত মানুহৰ ঘনত্ব ২ লাখ ৮০ হাজাৰ; যিটো যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰতকৈ তিনিগুণ বেছি।
দেশখনৰ চিকিৎসকসকলে সতৰ্ক কৰি দি কৈছে, ভাৰতৰ অসংখ্য বস্তিৰ এটাতো যদি কৰণাৰ স্থায়ী প্ৰাদুৰ্ভাৱ আৰম্ভ হয়, তেনেহ’লে পৰিস্থিতি একেবাৰে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব। কাৰণ ভাৰতৰ বেছিভাগ বস্তিতে অনাময় আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নাই। ইয়াৰ উপৰি হাজাৰ হাজাৰ মানুহে তাত গাত গা লগাই জীৱন যাপন কৰে। এই বস্তিসমূহত সামাজিক দূৰত্ব শাৰীৰিক বা অৰ্থনৈতিকভাৱে বজায় ৰখা প্ৰায় অসম্ভৱ।













